স্বাস্থ্যজনিত কাৰণত আদালতত উপস্থিত নহ’ল ডাঃ সেউজ সেনাপতি

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jun 16, 2021, 5:08 PM IST

হোজাই জিলাৰ ফুলতলীস্থিত ক’ভিড কেয়াৰ চেণ্টাৰত এগৰাকী ক’ভিড আক্ৰান্ত ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি মৃতকৰ আত্মীয়ই চিকিৎসকক নিৰ্মমভাৱে প্ৰহাৰ কৰা ঘটনাই জোকাৰি গৈছিল সমগ্ৰ ৰাজ্য ৷ ৰাজ্য কপাই যোৱা উদালী ফুলতলি নাৰকীয় কাণ্ডৰ বলি হৈছিল সেউজ সেনাপতি নামৰ চিকিৎসকজন ৷ সম্প্ৰতি সমগ্ৰ বিষয়টো হোজাই শংকৰদেৱ নগৰ আদালতত বিচাৰাধীন হৈ আছে ৷ বুধবাৰে শংকৰদেৱ নগৰ আদালতত সাক্ষ্য দান কৰাৰ কথা আছিল ডাঃ সেউজ সেনাপতিৰ । কিন্তু স্বাস্থ্যজনিত কাৰণত ডাঃ সেউজ সেনাপতি আদালতত হাজিৰ কৰা নহয় বুলি জানিবলৈ দিয়ে চৰকাৰী অধিবক্তা অমৰ জ্যোতি শ‌ইকীয়াই ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.