প্ৰশাসনিক বিষয়া হোৱাৰ সপোন কলা শাখাৰ দশম স্থানপ্ৰাপ্ত দেৱীস্তুতি হাজৰিকাৰ - উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা
🎬 Watch Now: Feature Video
উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত(HS Exam result 2022) কলা শাখাত ৪৭৩ নম্বৰসহ লাভ কৰি দশম স্থান অধিকাৰ কৰি শিৱসাগৰৰ শলগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ গৌৰৱ কঢ়িয়াই আনিলে দেৱীস্তুতি হাজৰিকাই(Devistuti Hazarika got 10th position in Arts stream) ৷ শিৱসাগৰ জিলাৰ জটকীয়া নাথ গাঁৱৰ পৰাণজ্যোতি হাজৰিকা আৰু মালবিকা হাজৰিকাৰ জ্যেষ্ঠ কন্যা ছাত্ৰী দেৱীস্তুতি হাজৰিকা ৷ বৰ্তমান দেৱীস্তুতিৰ এনে সফলতাত উৎফুল্লিত পিতৃ-মাতৃৰ লগতে বিদ্যালয়ৰ অধ্যাপক তথা শিক্ষক-শিক্ষয়ত্ৰী ৷ ইফালে, শলগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কলা শাখাৰ ছাত্ৰী দেৱীস্তুতি হাজৰিকাৰ এই সাফল্যত এতিয়া সমগ্ৰ অঞ্চলটোত আনন্দৰ জোৱাৰ তুলিছে ৷ ৬ টা বিষয়ত লেটাৰসহ প্ৰথম বিভাগত উত্তীৰ্ণ হৈ দেৱীস্তুতিয়ে অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে ৷ মনোবিজ্ঞান বিষয়ত ৯৮ নম্বৰ পোৱাৰ লগতে সৰ্বমুঠ ৪৫৩ নম্বৰ পাবলৈ সক্ষম হৈছে ছাত্ৰী দেৱীস্তুতি হাজৰিকাই । ইফালে ভৱিষ্যতে এগৰাকী প্ৰশাসনিক বিষয়া হোৱাৰ সপোন দেৱীস্তুতিৰ ৷