thumbnail

By

Published : Jun 9, 2022, 5:38 PM IST

ETV Bharat / Videos

১১ জুনত মুকলি হ’ব তেজপুৰ বাটামাৰীৰ কনভেঞ্চন ভৱন

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ পিচতে প্ৰথমখন ৰাজ্যিক কেবিনেট বৈঠক অনুষ্ঠিত হ’ব তেজপুৰত (Assam cabinet in Tezpur) । তেজপুৰ বাটামাৰিত মাত্ৰ তিনি মাহৰ ভিতৰতে ৰাজ্য চৰকাৰে নিৰ্মাণ প্ৰস্তুত কৰি তোলা কনভেঞ্চন হলটো মুকলি হ’ব ১১ জুনৰ পুৱা ১০ বজাত (Convention Hall in tezpur) ৷ তাৰ লগে লগেই আৰম্ভ হ’ব ৰাজ্যিক কেবিনেটৰ বৈঠক । ভৱনটোৰ প্ৰস্তুতি সম্পূৰ্ণ প্ৰায় ৯৫% কাম হৈ উঠিছে আৰু বৃহস্পতিবাৰে অত্যাধুনিক বৈঠকৰ বাবে অডিঅ’ টেষ্ট কৰা হয় ৷ বৈঠকৰ বাবে প্ৰস্তুতিৰ পৰ্যালোচনা কৰে জিলা উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই । মুঠ 120 জন লোকে অংশগ্ৰহণ কৰিব পৰা এই কনভেঞ্চন হলত উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত প্ৰথম ডিজিটেল মাইক্ৰ’ এল চি ডি স্থাপন কৰা হৈছে য’ত মুখ্যমন্ত্ৰীয়ে বহি বৈঠকত অংশগ্ৰহণ কৰিব । কেবিনেট বৈঠকৰ পিছত দুদিন জিলা উপায়ুক্ত সকলৰ বৈঠক অনুষ্ঠিত হ’ব এই ভৱনত । ইয়াৰ সমান্তৰালভাৱে এই ভৱটোত সংযোজিত আছে 200 জন লোকে একেলগে বহিব পৰা ভোজনালয়, দুটা বিশেষ জিৰণি আৰু শয়ন কক্ষ ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.