thumbnail

By

Published : Oct 16, 2022, 7:26 PM IST

ETV Bharat / Videos

Digital Banking Unit: PNBৰ নৰ্থ বঙাইগাঁও শাখাত Digital Banking Unitৰ শুভাৰম্ভ

আজাদী কা অমৃত মহোৎসৱ কাৰ্যসূচীৰ লগত সংগতি ৰাখি দেওবাৰে সমগ্ৰ দেশত ৭৫ টা Digital Banking Unit উদ্বোধন কৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ এই অনুষ্ঠানৰ লগত সংগতি ৰাখি পাঞ্জাৱ নেচনেল বেংক (Punjab National Bank in Bongaigaon) চমুকৈ PNBৰ নৰ্থ বঙাইগাঁও শাখাতো Digital Banking Unit Digitally ৰ শুভাৰম্ভ কৰা হয় ৷ এই শুভাৰম্ভ অনুষ্ঠানত উপস্থিত থাকি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে (Cabinet Minister Sarbananda Sonowal) Digital Banking Unit Digitallyৰ লগত জড়িত থকা ৰিজাৰ্ভ বেংকৰ লগতে আন আন বেংকসমূহক ধন্যবাদ জ্ঞাপন কৰে ৷ লগতে বেংকসমূহে দেশৰ অৰ্থনৈতিক দিশটোৰ ক্ষেত্ৰত এই পদক্ষেপৰ জড়িয়তে যথেষ্ট অৰিহণা যোগাব বুলিও মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.