ৰাষ্ট্ৰপতি নিৰ্বাচনত ধনৰ লেনদেনৰ কথা কোৱা উচিত নহয়: ভৱেশ কলিতা - ৰাষ্ট্ৰপতি নিৰ্বাচনত ধনৰ লেনদেনৰ কথা কোৱা উচিত নহয়
🎬 Watch Now: Feature Video
দেশৰ মহামহিম ৰাষ্ট্ৰপতি নিৰ্বাচনত ধনৰ লেনদেনৰ কথা কোৱা উচিত নহয় । ৰাষ্ট্ৰপতি নিৰ্বাচনত কোনো ধৰণৰ ধনৰ লেনদেন হোৱা নাই । কোনোবাই অভিযোগ কৰিব পাৰে কিন্ত সেয়া সত্য নহয় । বাইহাটা চাৰিআলিত উপস্থিত হৈ ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই এনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে(BJP State President Bhabesh Kalita at Baihata) । বাইহাটা চাৰিআলিত বিজ্ঞান শিক্ষাৰ ক্ষেত্ৰত নতুন সংযোজন নিউটন বিজ্ঞান একাডেমী শিক্ষানুষ্ঠানৰ শুভাৰম্ভ অনুষ্ঠানত সাংবাদমধ্যমৰ আগত এই মন্তব্য ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীৰ । ফিটা কাটি শিক্ষানুষ্ঠানখনি মুকলি কৰে সভাপতি ভবেশ কলিতাই ২৫ বছৰলৈ বিজেপিয়ে শাসনৰ বাঘজৰী ধৰি ৰাখিবলৈ ৰোডমেপ তৈয়াৰ কৰিছে বুলিও উল্লেখ কৰে সভাপতিগৰাকীয়ে ।