চৰকাৰৰ জেহাদী বিৰোধী স্থিতিক আদৰণি ভবেশ কলিতাৰ - Bhabesh Kalita reaction on madrasa demolition
🎬 Watch Now: Feature Video
মাদ্ৰাছা ভঙা প্ৰসংগত ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতাৰ প্ৰতিক্ৰিয়া প্ৰকাশ(Bhabesh Kalita reaction on madrasa demolition) । জেহাদী কাৰ্যকলাপ পুলিয়ে-পোখাই উভালি দিয়াৰ বাবে চৰকাৰে লোৱা সিদ্ধান্তক আদৰণি কলিতাৰ । যিসকল তোষামোদকাৰী নেতা আছে তেওঁলোকৰ সন্ত্ৰাসবাদীৰ লগত যোগাযোগ আছে নেকি বুলি প্ৰশ্ন কৰে সভাপতিগৰাকীয়ে(Bhabesh Kalita reaction on jihadi) । জেহাদী কাৰ্যকলাপ চলি থকা মাদ্ৰাছা ভঙা কাৰ্যক সংবিধানৰ ওপৰত বুলডোজাৰ চলোৱাৰ লগত তুলনা কৰাটো দুৰ্ভাগ্যজনক আখ্যা দিয়ে ৰাজ্যিক বিজেপিৰ সভাপতি তথা ৰঙিয়াৰ বিধায়ক ভবেশ কলিতাই । বিৰোধী দলে মুক্তকণ্ঠে কিয় চৰকাৰক সন্ত্ৰাসবাদৰ বিৰুদ্ধে মাত মতাৰ বাবে ধন্যবাদ জ্ঞাপন নকৰে বুলি প্ৰশ্ন কৰি বিধায়কগৰাকীয়ে জেহাদীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা বাবে অসম চৰকাৰৰ লগতে মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে ।