জেহাদীৰ নামত ধৰ্মীয় সংখ্যালঘু লোকক অত্যাচাৰ নকৰিবলৈ দাবী আমছুৰ - জেহাদীৰ নামত ধৰ্মীয় সংখ্যালঘু লোকক অত্যাচাৰ

🎬 Watch Now: Feature Video

thumbnail

By

Published : Sep 7, 2022, 10:29 PM IST

মহানগৰীৰ চচলৰ ধৰ্ণা স্থলীত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী (AAMSU protest at Guwahati)। চাৰিটা সমস্যা সমাধানৰ দাবীত আমছুৰ ধৰ্মঘট কাৰ্যসূচী । সংখ্যালঘু সকলৰ ধৰ্মীয় অনুষ্ঠান-প্ৰতিষ্ঠান ধ্বংস কৰি ধৰ্মীয় আবেগ-অনুভূতিক আঘাত নকৰিবলৈ চৰকাৰক আহ্বান আমছুৰ (AAMSU on Madrasa eviction) ৷ সংখ্যালঘু সকলৰ ধৰ্মীয় অনুষ্ঠান-প্ৰতিষ্ঠান অবৈধভাৱে ধ্বংস কৰি ধৰ্মীয় আবেগ অনুভূতিক আঘাত কৰা বন্ধ কৰক, জেহাদী তথা সন্ত্ৰাসবাদীক কঠোৰ হাতেৰে দমন, জেহাদীৰ নামত সংখ্যালঘু লোকক অত্যাচাৰ নকৰিবলৈ, উচ্ছেদিত, গৰাখনীয়াত ক্ষতিগ্রস্ত আৰু গোষ্ঠীগত সংঘৰ্ষত গৃহহীন হোৱা লোকসকলক পুনৰ সংস্থাপন, ভূমিহীন ভাৰতীয় নাগৰিকক অতি শীঘ্ৰেই ভূমি প্ৰদান, সংখ্যালঘু অধ্যুষিত অঞ্চলত ছাত্ৰ-ছাত্ৰী অনুপাতে শিক্ষক নিযুক্তি, পৰ্যাপ্ত পৰিমাণে শিক্ষানুষ্ঠান স্থাপন আদি কেইবাটাও দাবী লৈ চৰকাৰৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.