Weekly market: দ্ৰোপাঙত কোটি টকা ব্যয় সাপেক্ষ নিৰ্মাণ হ’ব সাপ্তাহিক বজাৰ - দ্ৰোপাং সাপ্তাহিক বজাৰ
🎬 Watch Now: Feature Video
অৱশেষত লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ অসম-অৰুণাচল সীমান্তৱৰ্তী দ্ৰোপাঙবাসীৰ এক দীৰ্ঘদিনীয়া অভাৱ পুৰণ হোৱা দিশে ৷ কিয়নো দেওবাৰে শুভাৰম্ভ কৰা হয় বিশ্ব বেংকৰ পুঁজিৰে প্ৰায় তিনি কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'ব লগা দ্ৰোপাং সাপ্তাহিক বজাৰৰ নিৰ্মাণ কাৰ্য ৷ এই অনুষ্ঠানৰ শুভাৰম্ভ কৰে বিহপুৰীয়াৰ বিধায়ক ড৹ অমিয় কুমাৰ ভূঞাই (Amiya Kumar Bhuyan inaugurated of market Place at Drupang) । উল্লেখ্য যে এই বজাৰখনৰ জড়িয়তে পিছপৰা বৃহত্তৰ অঞ্চলটোৰ বহু ৰাইজে ব্যৱসায় বাণিজ্য কৰি পৰিয়াল পোহপাল দি আহিছে ৷ লগতে বহু নিবনুৱাই এই বজাৰৰ জড়িয়তে নিজকে সংস্থাপিত কৰিছে ৷ কিন্তু দীৰ্ঘদিন ধৰি বজাৰখনৰ কোনো সু-ব্যৱস্থা নথকাত যথেষ্ট সমস্যাৰ সন্মুখীন হৈছিল ব্যৱসায়ৰ লগতে অঞ্চলটোৰ ৰাইজে । শেহতীয়াকৈ বজাৰখনৰ নিৰ্মাণ কাৰ্য আৰম্ভ হোৱাত যথেষ্ট আনন্দিত হৈ পৰিছে অঞ্চলবাসী ৰাইজ ৷