ETV Bharat / state

মহবুবুল হক সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে ক'লে- মানুহজন মহা প্ৰৱঞ্চক - ASSAM CM ON MAHBUBUL HAQUE

আৰক্ষীয়ে আটক কৰা USTM ৰ আচাৰ্য মহবুবুল হক সন্দৰ্ভত বহু কথাই ক'লে মুখ্য়মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।

USTM CHANCELLOR MAHBUBUL HAQUE
মুখ্য়মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Feb 22, 2025, 4:21 PM IST

বাইহাটা: আৰক্ষী আৰু STF ৰ এটা দলে বৃহস্পতিবাৰে নিশা গুৱাহাটীৰ ঘোৰামাৰাস্থিত বাসগৃহৰ পৰা USTM ৰ স্বত্বাধিকাৰী তথা আচার্য মহবুবুল হকক আটক কৰে । কি অভিযোগত হকক আটক কৰা হৈছে এই পৰ্যন্ত মুখ খোলা নাই আৰক্ষীয়ে ।

আচার্যগৰাকীক আটক কৰাৰ পিছতেই সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ । শনিবাৰে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।

মুখ্য়মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (ETV Bharat Assam)

মুখ্যমন্ত্ৰীগৰাকীয়ে ERD ফাউণ্ডেশ্যনৰ অন্যতম স্বত্বাধিকাৰী তথা USTMৰ আচার্য মহবুবুল হকক আটক কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্য়ক্ত কৰি শনিবাৰে সাংবাদিকৰ আগত কয়, "অসমত বহুদিনৰ পৰা মই এটা ডাঙৰ চক্ৰক লক্ষ্য কৰি আছিলো । সেইটো হ'ল মেডিকেল, ইঞ্জনিয়াৰিং আৰু CBSE পৰীক্ষাৰ আগত ছাত্ৰ-ছাত্ৰীসকলৰ পৰীক্ষা কেন্দ্ৰ সলনি কৰি দিয়া হয় আৰু কিছুমান নিৰ্দিষ্ট স্কুললৈ ছাত্ৰ-ছাত্ৰীসকলক লৈ যোৱা হয় । গোৱালপাৰা, নগাঁও আৰু কামৰূপ জিলাৰ মুঠ ২৪৭ গৰাকী ছাত্ৰ-ছাত্ৰীক CBSE পৰীক্ষাত ৩০ নম্বৰকৈ অধিক নম্বৰ দিয়াৰ প্ৰতিশ্ৰুতি দি এইসকল ছাত্ৰ-ছাত্ৰীক বৰাক উপত্য়কাৰ পাথাৰকান্দিলৈ লৈ যোৱা হৈছিল । পিছত যেতিয়া এই ছাত্ৰ-ছাত্ৰীসকল এনে সুবিধাৰ পৰা বঞ্চিত হ'ল তেতিয়া এই ছাত্ৰ-ছাত্ৰীসকলে হুলস্থূল আৰম্ভ কৰিলে ৷ এতিয়া এই বিষয়টো পোহৰলৈ আহিল ।"

মানুহজন ডাঙৰ প্ৰৱঞ্চক :

মুখ্যমন্ত্ৰীগৰাকীয়ে পুনৰ কয়, "এইটো CBSE তে সীমাৱদ্ধ নাথাকে, মেডিকেল বাচনি পৰীক্ষাতো চলি থকা এটা ডাঙৰ প্ৰৱঞ্চনা আমাৰ সন্মুখলৈ আহিব । মই আগতেই কৈ আহিছো যে এই মানুহজন ডাঙৰ প্ৰৱঞ্চক হয় । আমাৰ অসমৰ কিছুমান বুদ্ধিজীৱীক তেওঁ নিজৰ অধীনলৈ আনি মানুহক বিপথে পৰিচালিত কৰাৰ প্ৰচেষ্টা চলাই আহিছিল । লাহে লাহে কথাবোৰ ধৰা পৰিব । অসমত যাতে শিক্ষাক বজাৰলৈ ৰূপান্তৰিত কৰা নহয় তাৰ বাবে আমি চেষ্টা কৰি থাকিম ।"

কেম্পাকোলা উদ্যোগ মুকলি :

এডভান্টেজ অসমৰ প্ৰাকমুহূৰ্তত শনিবাৰে চাংসাৰিত কেম্পাকোলা উদ্যোগ মুকলি কৰাৰ পিচতেই মুখ্য়মন্ত্ৰীগৰাকীয়ে কয়, "২৫০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা এই উদ্যোগটোত স্থানীয় ৩ শতাধিক যুৱক-যুৱতীয়ে সংস্থাপন পাবলৈ সক্ষম হ'ব । জেৰিকো আৰু ৰিলায়েন্সৰ সৈতে দুবছৰ পূৰ্বে চুক্তিবদ্ধ হৈছিল এই উদ্যোগটো স্থাপনৰ বাবে । অসমত এতিয়া বহু ডাঙৰ ডাঙৰ উদ্যোগ স্থাপন হ'ব । আগন্তুক এডভান্টেজ অসমৰ পিছত ৰাজ্য়ত ঔদ্যোগিক ক্ষেত্ৰত এক লাখ কোটি টকাতকৈও অধিক বিনোয়োগ হ'ব ।"

লগতে পঢ়ক:কি অভিযোগত গ্ৰেপ্তাৰ হ'ল USTM ৰ স্বত্বাধিকাৰী মহবুবুল হক ? - USTM CHANCELLOR MAHBUBUL HAQUE

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.