বিশ্ব পৰিৱেশ দিৱসত গছ পুলি ৰোপণ কাৰ্যসূচী নাটক নে ভেকোভাওনা !

By

Published : Jul 6, 2022, 10:53 AM IST

thumbnail
বিগত ৫ জুনত সমগ্ৰ বিশ্ববাসীৰ লগতে কলিয়াবৰ মহকুমাতো বিশ্ব পৰিৱেশ দিৱস (World Environment Day) উদযাপন কৰা হৈছিল । সেইদিনা মন্ত্ৰী কেশৱ মহন্তৰ (Minister Keshab Mahanta) উপস্থিতিত কলিয়াবৰ মহকুমা প্ৰশাসনৰ এক লাখ গছ পুলি ৰোপণ 'শ্যামলী কলিয়াবৰ' শীৰ্ষক অনুষ্ঠানটোৰ মাজেৰে ১ লাখ পুলি ৰোপণ কৰা হৈছিল (One Lakh Plant Plantation at Kaliabor) ৷ কলিয়াবৰ মহকুমা প্ৰশাসনৰ এক লাখ গছ পুলি ৰোপণ অভিযানে আজি এমাহ অতিক্ৰম কৰিলে ৷ পিছে ৰোপণৰ এমাহৰ পাছত কেনে আছে এই গছ পুলিবোৰ সেই খবৰ ল’বলৈ আহৰি নাই জিলা প্ৰশাসনৰ ৷ স্থানীয় লোকে অভিযোগ অনুসৰি, প্ৰাকৃতিক পৰিবেশ সুৰক্ষিত কৰাৰ তৎপৰতা দেখুৱাই ৰোপণ কৰা এই গছপুলি সমূহ কালক্ৰমত জীয়াই আছেনে নাই তালৈ কলিয়াবৰ মহকুমা প্ৰশাসনৰ কোনো ধৰণৰ মন-কাণ নাই (Allegation against Kaliabor Sub-Division Administration) ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.