thumbnail

By

Published : Jul 22, 2021, 10:52 PM IST

ETV Bharat / Videos

কেঁচা চাহপাতৰ মূল্যবৃদ্ধিৰ দাবীৰে কলিয়াবৰত প্ৰতিবাদ

চাহ উৎপাদন কৰা কলসমূহে ব্যাপক হাৰত কেঁচা চাহপাত মূল্য হ্ৰাস কৰি অহাৰ ফলত বিপদত পৰিছে ক্ষুদ্ৰ চাহ খেতিয়কসকল ৷ কেঁচা চাহপাত মূল্য হ্ৰাস পোৱাৰ বাবে চাহ বাগিচা পৰিচালনা কৰাৰ ক্ষেত্ৰত ব্যাপক সমস্যাৰ সন্মুখীন হৈছে ক্ষুদ্ৰ চাহ খেতিয়ক সকল৷ উল্লেখ্য যে, ৰাজ্যত মুঠ উৎপাদি চাহৰ 52 শতাংশ চাহ ক্ষুদ্ৰ চাহ খেতিয়কৰ চাহপাতৰ পৰা উৎপাদন হোৱাৰ লগতে 15 লাখতকৈয়ো অধিক লোক প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে সংস্থাপিত হৈ আছে ৷ কিন্তু সম্প্ৰতি মূল্য হ্ৰাস পোৱাৰ বাবে পানীত হাঁহ নচৰা অৱস্থা হৈছে ক্ষুদ্ৰ চাহ খেতিয়ক সকলৰ ৷ শেহতীয়াকৈ কেঁচা চাহপাতৰ নুন্যতম সমৰ্থিত মূল্য নিৰ্ধাৰণত ভাৰতীয় চাহ ব'ৰ্ড সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰিছে দুৰ্ভগীয়া ক্ষুদ্ৰ চাহ খেতিয়ক সকলে ৷ উপায়ন্তৰ হৈ ক্ষুদ্ৰ চাহ খেতিয়ক সকলৰ সমস্যাসমুহ সমাধানৰ দাবীত বৃহস্পতিবাৰে ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰিছে সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই ৷ ৰাজ্যৰ আন প্ৰান্তৰ লগতে কলিয়াবৰতো প্ৰতিবাদ সাব্যস্ত কৰে ক্ষুদ্ৰ চাহ খেতিয়ক সকলে ৷ লগতে সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ কলিয়াবৰ জিলা সমিতিয়ে অসম চাহ খেতিয়ক সন্থাৰ সম্পাদক কৰুণা মহন্তৰ নেতৃত্বত কলিয়াবৰ মহকুমাৰ মহকুমাধিপতিৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.