চৰকাৰী আচঁনি ৰূপায়নত দুৰ্নীতি হোৱাৰ অভিযোগেৰে AJYP ৰ তদন্তৰ দাবীত প্ৰতিবাদ - চৰকাৰী আচঁনি ৰূপায়নৰ নামত দুৰ্নীতি

🎬 Watch Now: Feature Video

thumbnail

By

Published : Sep 29, 2022, 8:00 AM IST

বিভিন্ন চৰকাৰী আচঁনি ৰূপায়নৰ নামত দুৰ্নীতি চলিছে (Corruption in government scheme implementation) ৷ এই অভিযোগ অসম জাতীয়তাবাদী যুৱ পৰিষদৰ ৷ অসম জাতীয়তাবাদী যুৱ পৰিষদৰ ধেমাজি জিলা সমিতিয়ে ধেমাজি জিলাৰ চিচিবৰগাঁও উন্নয়ন খণ্ডৰ অধীনৰ পঞ্চায়ত সমূহত বিভিন্ন চৰকাৰী আঁচনি ৰূপায়নৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰি বুধবাৰে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে (AJYP conducting protest) ৷ বিভিন্ন চৰকাৰী আচঁনি ৰূপায়ণৰ নামত হোৱা দুৰ্নীতিৰ তদন্তৰ লগতে দোষীক উপযুক্ত শাস্তি প্ৰদানৰ দাবীৰে প্ৰতিবাদকাৰীসকলে এক সমদল বাহিৰ কৰি উপস্থিত হয়হি চিচিবৰগাঁও খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয় চৌহদ ৷ সংগঠনটোৰ চিচিবৰগাঁও আঞ্চলিক সমিতিৰ সহযোগত হোৱা এই প্ৰতিবাদী কাৰ্যসূচীত খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়টো ঘেৰাওঁ কৰি প্ৰতিবাদেৰে উত্তাল কৰি তোলে কাৰ্যালয় চৌহদ ৷ প্ৰতিবাদকাৰীসকলে বিধায়ক ভুৱন পেগু মূৰ্দাবাদ, বিজেপি চৰকাৰ গ’ বেক আদি বিভিন্ন চৰকাৰ বিৰোধী শ্লগান দিয়াও পৰিলক্ষিত হয় ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.