thumbnail

By

Published : May 31, 2022, 12:05 PM IST

ETV Bharat / Videos

AAMSU protest : লখিমপুৰত ৰাজ্য চৰকাৰৰ বিৰুদ্ধে আমছুৰ গৰ্জন

সোমবাৰে প্ৰতিবাদত উত্তাল হ’ল লখিমপুৰ ৷ বান, গৰাখহনীয়া, শিক্ষা, স্বাস্থ্য, যাতায়াতৰ লগতে বিভিন্ন ক্ষেত্ৰত সংখ্যালঘুসকলক বঞ্চিত কৰাৰ অভিযোগত নাওবৈচাৰ লালুক-বিহপুৰীয়া ৰাজ্যিক ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে লখিমপুৰ জিলা আমছুৱে (AAMSU protest in Lakhimpur) ৷ মূল্যবৃদ্ধি ৰোধৰ লগতে ভুৱা এনকাউণ্টাৰৰ ন্যায়িক তদন্তৰ দাবীত লখিমপুৰ জিলা আমছুৱে ৰূপায়ণ কৰে এই প্ৰতিবাদী কাৰ্যসূচী (AAMSU protest against price hike and fake encounter) । প্ৰতিবাদকাৰীসকলে "অসম চৰকাৰ হায় হায়, বিজেপি চৰকাৰে মূল্যবৃদ্ধি ৰোধ কৰক, সংখ্যালঘূৰ নামত প্ৰতাৰণা নচলিব" আদি শ্ল’গানেৰে উত্তাল কৰি তোলে প্ৰতিবাদস্থলী । প্ৰতিবাদস্থলীত সবকা সাথ সবকা বিকাশৰ কথা কোৱা চৰকাৰখনে সংখ্যালঘুক সৰ্বত্ৰে প্ৰতাৰণা কৰি অহাৰো দাবী উত্থাপন কৰে । ৰাজ্যিক পথ অৱৰোধ কৰাৰ পাছতো যদি চৰকাৰখনে কোনো ধৰণৰ উচিত পদক্ষেপ গ্ৰহণ নকৰে, তেন্তে অনাগত দিনত ৰাষ্ট্রীয় ঘাইপথ অৱৰোধ কৰাৰ হুংকাৰ প্ৰদান কৰে আমছুৰ নেতৃত্বই ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.