thumbnail

By

Published : Feb 1, 2022, 8:24 AM IST

Updated : Feb 1, 2022, 9:55 AM IST

ETV Bharat / Videos

মামাৰ জন্মদিন পালিবলৈ গুৱাহাটী যাত্ৰা মাজুলীৰ ৪৭ জন ভাগিনৰ

আজি ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন(CM Himanta Biswa Sarma) ৷ 53 বছৰত ভৰি দিলে জনপ্ৰিয় ৰাজনীতিবিদ তথা অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ লগতে সকলোৰে মামা বুলি খ্যাত মুখ্যমন্ত্ৰীজনৰ জন্মদিন খাবলৈ গুৱাহাটীলৈ আহিব মাজুলীৰ ৪৭ জন ভাগিন । মাজুলীৰ আউনীআটী সত্ৰৰ ৩০ জন আৰু দক্ষিণপাট সত্ৰৰ ১৭ জনকৈ বালক বৈষ্ণৱ তথা ভাগিন যাব মামাৰ জন্মদিনলৈ (Himanta Biswa Sarma's Birthday Celebration)। ইফালে ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সোমবাৰৰ দিনটোত হিমন্ত বিশ্ব শৰ্মাৰ জন্ম দিনতো সুকলমে পাৰ হোৱাৰ কামনাৰে মাজুলী শ্ৰী শ্ৰী দক্ষিণপাট গৃহশ্ৰামী সত্ৰৰ সত্ৰাধিকাৰ সহিতে শিষ্য সকলে ভগৱানৰ ওচৰত প্ৰাথনা কৰে । হিমন্ত বিশ্ব শৰ্মাই অনাগত দিনত যাতে অসমৰ হকে, অসমৰ ৰাইজৰ হকে কাম কৰিব পাৰে তাৰ বাবে সত্ৰৰ সত্ৰাধিকাৰসকলে কামনা কৰে ৷
Last Updated : Feb 1, 2022, 9:55 AM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.