ETV Bharat / state

হেৰাই যোৱা পৃথিৱীখনক বিচাৰি আনি দিয়া এখন আটোম-টোকাৰি ঘৰ - JAGTITI SANMILITA UNNAYAN KENDRA

ক’ভিডকালৰ পৰাই বৰ্তমানলৈকে একাংশ লোকে আশ্ৰয় লোৱা এটা ঘৰ । পুৱাৰ পৰা গধুলিলৈ হাঁহি স্ফূৰ্তিৰে জীপাল লৈ থাকে ঘৰখন ৷

Jagtiti Sanmilita Unnayan Kendra
জাগৃতিৰ বাসিন্দা (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Feb 18, 2025, 4:47 PM IST

লখিমপুৰ : সমগ্ৰ বিশ্বতে ত্ৰাস সৃষ্টি কৰিছিল ক’ভিড অতিমাৰীয়ে । বিশ্বৰ বিভিন্ন দেশে লক ডাউনৰ দৰে বিভিন্ন কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি, প্ৰতিষেধক লৈ এই ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ সক্ষম হয় । সম্প্ৰতি ক’ভিড আঁতৰিল যদিও একাংশৰ দুৰ্ভোগ এতিয়াও আঁতৰা নাই ।

উল্লেখ্য যে ক’ভিডকালীন পৰিস্থিতিত লক ডাউনৰ বাবে সকলো দুৱাৰ মাৰি ঘৰৰ ভিতৰ সোমাইছিল । কিন্তু তেতিয়াও ৰে’ল ষ্টেচন, বাছ আস্থান, গছৰ তল আদিত পৰি ৰৈছিল একাংশ মানসিক বিকাৰগ্ৰস্ত গৃহহীন লোক । তেনে একাংশ লোকৰ দুৰ্ভোগ আজিও আঁতৰা নাই ।

গৃহহীন লোকে থকা এটা সুন্দৰ পঁজা (ETV Bharat)

ভাৰত চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰণালয়ৰ অধীনত লখিমপুৰত থকা জাগৃতি সন্মিলিত উন্নয়ন কেন্দ্ৰই সেই সময়ত তেনে লোকৰ হৈ কাম কৰিছিল ৷ লক ডাউনৰ সময়ত জিলা প্ৰশাসনে তেনে একাংশ লোকক জাগৃতিৰ হাতত অৰ্পণ কৰে ।

তেওঁলোকে প্ৰথমে ডিব্ৰুগড়ৰ জিলা পৰিষদৰ এটা গৃহত তেনে লোকসকলক ৰাখি চিকিৎসা আৰু পৰিচৰ্যা কৰে । ক’ভিডকালীন পৰস্থিতি অন্ত পৰাৰ পাছত তেওঁলোকে সেই ঘৰটো আজৰাই দিবলগীয়া হোৱাত আন এটা ঘৰৰ ব্যৱস্থা কৰে যদিও নিৰাপত্তাজনিত কাৰণত তাতো বেছিদিন ৰাখিব নোৱাৰিলে ।

জাগৃতি কি ? (ETV Bharat)

পৰৱৰ্তী সময়ত এই মানুহখিনি বিভিন্ন ঠাইত ৰখাৰ প্ৰস্তুতি কৰা হয় যদিও মানসিক বিকাৰগ্ৰস্ত লোকক ৰখাৰ বাবে সমীপৰ লোকে আপত্তি কৰাত অৱশেষত ডিব্ৰুগড়ৰ উদয়পুৰ জপৰা গাঁৱত এটা ঘৰ ক্ৰয় কৰি তাতে এই গৃহহীন মানসিক বিকাৰগ্ৰস্ত লোক সকলক ৰাখি চিকিৎসা আৰু পৰিচৰ্যা কৰি আছে ।

  • কি কয় অধীক্ষক লক্ষীপ্ৰভা গগৈয়ে :

অধীক্ষক লক্ষীপ্ৰভা গগৈৰ তত্বাৱধানত শতাধিক গৃহহীন মানসিক বিকাৰগ্ৰস্ত লোকে আশ্ৰয় গ্ৰহণ কৰি আছে । তেওঁ কয়, ‘‘ক’ভিডকালিন পৰিস্থিতিত জিলা প্ৰশাসনে আমাৰ হাতত ৰে’ল ষ্টেচন বাছ আস্থান গছৰ তল আদিত পৰি থকা মানসিক বিকাৰগ্ৰস্তসকলক অৰ্পণ কৰিছিল । প্ৰথমে জিলা পৰিষদৰ এটা ঘৰত ৰখাৰ পাছত বিভিন্ন স্থান সলনি কৰি বৰ্তমান এই কেন্দ্ৰটোত তেওঁলোকক ৰখা হৈছে । প্ৰথমে পুৰুষ-মহিলা সকলোকে ৰখা হৈছিল যদিও পাছত পুৰুষসকলক ধেমাজিৰ এটা কেন্দ্ৰলৈ পঠোৱা হয় আৰু এই কেন্দ্ৰটোত কেৱল মহিলাকহে ৰখাৰ ব্যৱস্থা কৰা হয় । কেন্দ্ৰটোত এনে শতাধিক মানসিক বিকাৰগ্ৰস্ত লোকে আশ্ৰয় গ্ৰহণ কৰিছে । ইয়াৰে যিসকলৰ ঠিকনা আছিল তেওঁলোকক সুস্থ কৰি ঘূৰাই পঠোৱা হৈছে যদিও গৃহহীনসকলে এতিয়াও এই কেন্দ্ৰতে আছে ।’’

  • জাগৃতিৰ সম্পাদক গৌতম কুমাৰ শইকীয়াই কি কয় :

‘‘ডিব্ৰুগড়ত আমাৰ তত্বাৱধানত এটা বয়োজ্যেষ্ঠ লোকৰ আশ্ৰয় গৃহ, এটা নিচামুক্তি কেন্দ্ৰৰ লগতে গৃহহীন মানসিক বিকাৰগ্ৰস্ত লোকৰ এই চিকিৎসা আৰু পৰিচৰ্যা কেন্দ্ৰটো চলি আছে । তেওঁলোকক আমি সম্পূৰ্ণ পৰিচৰ্যা কৰাৰ লগতে চিকিৎসা ব্যৱস্থা কৰি সুস্থ কৰাৰ ব্যবস্থা কৰো । তাৰ বাবে অসম চিকিৎসা মহাবিদ্যালয়ৰ মানসিক ৰোগ বিভাগৰ সৈতে আমাৰ সংযোগ আছে । তাৰ পৰা চিকিৎসক আহি নিয়মিত এইসকল লোকক চিকিৎসাৰ ব্যৱস্থা দিয়ে ।’’

  • সুস্থ হৈ কেন্দ্ৰটোতে নিয়োজিত হৈ আছে মামু মহন্ত :

মামু মহন্ত নামৰ এগৰাকী যুৱতী । পূৰ্বতে তেওঁ এগৰাকী মানসিক ৰোগী হৈ কেন্দ্ৰটোত ভৰ্তি হৈছিল । পাছত তেওঁ কেন্দ্ৰটোৰ পৰিচৰ্যা আৰু চিকিৎসাত সুস্থ হৈ পৰে । তেওঁ কয়, ‘‘মই আগতে মানসিক ৰোগী হৈ ইয়ালৈ আহিছিলো । এতিয়া মই সম্পূর্ণ সুস্থ । সেয়ে মোক কেন্দ্ৰটোতে নিয়োজিত কৰিছে । মই এতিয়া কেন্দ্ৰটোৰ পৰিচালনাত অংশগ্ৰহণ কৰি আছো ।’’

লক্ষ্যণীয়, কেন্দ্ৰটোত থকা সৰহভাগ মহিলাই বিবাহ বিচ্ছেদিত । স্বামী ঘৰৰ অনাদৰত বা অন্য কোনো কাৰণত মানসিক বিকাৰগ্ৰস্ত হৈ পৰা এই সৰহভাগ মহিলাৰ বহুখিনি এতিয়া ক্ৰমাৎ কেন্দ্ৰটোৰ চিকিৎসা সেৱা আৰু পৰিচৰ্যাত সুস্থ হ’বলৈ ধৰিছে ৷

ক্ৰমাৎ সুস্থ হ’বলৈ ধৰাৰ বাবে তেওঁলোকৰ স্ব-গৃহলৈ নাইবা নিজৰ সন্তান আদিলৈ মনত পৰি হুমুনিয়াহ কাঢ়িছে । কিন্তু তেওঁলোকে নিজৰ ঘৰখন বিচাৰি যাবলৈ পথ নাই । কৰ’বাত এৰি অহা নিজৰ সন্তানৰ বেদনাই তেওঁলোকৰ হৃদয় দহিছে । পিছে এনে বেদনাবিধৌত পৰিৱেশতো তাল মিলাবলৈ তেওঁলোকে যত্ন কৰিছে । যিয়ে যেনেকৈ পাৰে নৃত্য-গীত পৰিৱেশন কৰি এক আনন্দমুখৰ পৰিৱেশ সৃষ্টি কৰি ৰাখিছে কেন্দ্ৰটোত ।

তেওঁলোকৰ জীৱন ৰক্ষাত সহায় কৰাৰ বাবে সকলোৱে একমুখে শলাগ লৈছে জাগৃতি সন্মিলিত উন্নয়ন কেন্দ্ৰ আৰু কেন্দ্ৰটোৰ সম্পাদক গৌতম কুমাৰ শইকীয়াৰ ।

লগতে পঢ়ক : জলবায়ু পৰিৱৰ্তন নে আন কিবা ? প্ৰৱাহিত নোনা নৈত নাই এডোঙাও পানী

লগতে পঢ়ক : ৰেম্পত খোজ দিলে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই; ক'ত কিয় ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.