ধেমাজি : বুধবাৰে অৰ্থাৎ কাইলৈ অসমৰ অন্যতম ভূমিপুত্ৰ মিচিং জনগোষ্ঠীৰ কৃষিভিত্তিক উৎসৱ আলি আয়ে লৃগাং ৷ ফাগুন মাহৰ পহিলা বুধবাৰে পালন কৰা হয় এই উৎসৱ ৷ এই উৎসৱৰ বাবে বৰ্তমান মিচিং জনগোষ্ঠী অধ্যুষিত গাঁওবোৰত এক উৎসৱমুখৰ পৰিৱেশ বিৰাজ কৰা দেখা গৈছে ।
গাঁৱে গাঁৱে কেৱল শুনিবলৈ পোৱা গৈছে ঐনিতমৰ সুৰ ৷ ঢোলৰ শব্দ শুনি মিচিং ডেকা-গাভৰুৰ গা সাতখন-আঠখন হৈছে ৷ কোনোবাজন যদি ব্যস্ত মূৰং ঘৰ নিৰ্মাণ কৰাত, আন কোনোবাজনে অতিথি আপ্যায়নৰ বাবে প্ৰস্তুত কৰিছে জনগোষ্ঠীয় পানীয় পৰ আপং, পুৰাং আপিনৰ ৷ লগতে বিধে বিধে মাছ, মাংস, বনশাক আদি বিচৰাত ব্যস্ত হৈ পৰিছে সকলো ৷
মুঠৰ ওপৰত মিচিং অধ্যুষিত গাঁও বিশেষকৈ ধেমাজিৰ মাছখোৱা বেঙেনাগৰা, দীঘলগৰা, আজোহাত এক ব্যস্তময় পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে ৷
- প্ৰাক লৃগাং বা উৰুকাৰ প্ৰস্তুতি :
কাইলৈ আলি আয়ে লৃগাং আৰু আজি প্ৰাক্ লৃগাং তথা উৰুকা । সেয়ে আজিয়ে মিচিং অধ্যুষিত গাঁৱৰ ৰাইজে প্ৰত্যেকৰে ঘৰতে সাজু কৰিছে বিভিন্ন খাদ্য, ছাই আপং, পৰ আপিন, পুৰাং, মাটিমাহ, গাহৰি মঙহ, খৰিকাত দিয়া মাছ, কাঠ আলু ইত্যাদি ৷

তদুপৰি বাৰীৰ বিভিন্ন শাক-বনেৰেও ৰন্ধা খাদ্যসম্ভাৰেৰে উভৈনদী হৈ পৰিছে প্ৰতিখন ঘৰ ৷ কাৰণ নিজৰ লগতে আলহী-অতিথিক আপ্যায়ন কৰিবৰ বাবে প্ৰতিঘৰে সাজু কৰিছে উৎকৃষ্ট মানৰ জনগোষ্ঠীয় পৰম্পৰাগত খাদ্য ৷

ধেমাজিৰ এগৰাকী মিচিং মহিলাই কয়, “লৃগাঙৰ বাবে আজি আমি সকলো সাজু কৰিছো ৷ পুৰাং আপিন, পৰ আপং আদি সকলো আমি প্ৰস্তুত কৰিছো ৷’’ একেদৰে আন এগৰাকী মিচিং মহিলাই কয়, “মিচিং বানে কৌবাঙৰ নিৰ্দেশ মতে, সকলো মিচিং গাঁৱতে আলি আয়ে লৃগাং উদযাপন কৰিব লাগিব । সেয়ে সকলোকে আলি লৃগাং অতি ধুম-ধামেৰে উদযাপন কৰিবলৈ আহ্বান জনাইছো ৷’’