ETV Bharat / technology

জিঅ’ই আৰম্ভ কৰিলে জিঅ’ হটষ্টাৰ; ব্যৱহাৰকাৰীয়ে কি কি সুবিধা লাভ কৰিব ? - JIO HOTSTAR SUBSCRIPTION

এতিয়া জিঅ’ চিনেমা আৰু ডিজনী+ হটষ্টাৰ এটা অ’টিটি প্লেটফৰ্মত পৰিণত হৈছে । ষ্ট্ৰীমিং প্লেটফৰ্ম দুটা সামূহিকভাৱে জিঅ’হটষ্টাৰ নামেৰে জনাজাত হ’ব ।

jio-introduced-jio-hotstar-subscription-as-complementary-with-rs-949-prepaid-recharge-plan-in-assamese
জিঅ’ই আৰম্ভ কৰিলে জিঅ’ হটষ্টাৰ; ব্যৱহাৰকাৰীয়ে কি কি সুবিধা লাভ কৰিব ? (ETV Bharat)
author img

By ETV Bharat Tech Team

Published : Feb 18, 2025, 5:10 PM IST

Updated : Feb 18, 2025, 5:20 PM IST

হায়দৰাবাদ: জিঅ’ আৰু হটষ্টাৰে যুতীয়াভাৱে এক এক্সক্লুছিভ অ’টিটি প্লেটফৰ্ম মুকলি কৰিছে যিয়ে আইচিচি চেম্পিয়নছ ট্ৰফী আৰু ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL) দুয়োটাৰে লাইভ ষ্ট্ৰীমিং কৰিব । ভাৰতৰ এই জনপ্ৰিয় ক্ৰিকেট অনুষ্ঠানসমূহৰ লাইভ ষ্ট্ৰীমিং চাবলৈ হ’লে অ’টিটি প্লেটফৰ্মত ছাবস্ক্ৰাইব কৰিব লাগিব । ইয়াৰ বাবে ইচ্ছুক গ্ৰাহকে তিনিমাহৰ বাবে ল’ব পাৰিব 149 টকাৰ আৰম্ভণি প্লেন ।

অৱশ্যে জিঅ’ নেটৱৰ্কে ব্যৱহাৰকাৰীৰ বাবে ইয়াৰ এটা প্ৰিপেইড প্লেনৰ সৈতে জিঅ’ হটষ্টাৰৰ বিনামূলীয়া ছাবস্ক্ৰিপচন আগবঢ়াইছে । শেহতীয়া তথ্য অনুসৰি জিঅ’ৰ 949 টকীয়া ৰিচাৰ্জ প্লেনৰ জৰিয়তে কোম্পানীটোৰ ব্যৱহাৰকাৰীসকলে জিঅ’ হটষ্টাৰ বিনামূলীয়াকৈ ব্যৱহাৰ কৰিব পাৰিব । এই প্লেনৰ কোম্পানীটোৰ ৱেবছাইট Jio.com ত আপডেট কৰা হৈছে ।

ভাৰতৰ আগশাৰীৰ টেলিকম অপাৰেটিং কোম্পানীটোৱে এতিয়া 949 টকাৰ ৰিচাৰ্জ প্লেনেৰে 149 টকাৰ জিঅ’ হটষ্টাৰ মোবাইল চাবস্ক্ৰিপচন বিনামূলীয়াকৈ আগবঢ়াইছে । এই প্লেনৰ বৈধতা 84 দিন, যাৰ অধীনত প্ৰতিদিনে 2GB হাই-স্পীড 4G ডাটা আৰু আনলিমিটেড 5G ডাটা দিয়া হয় । ইয়াৰ বাহিৰেও ইয়াত আনলিমিটেড কল আৰু প্ৰতিদিনে 100 টা এছএমএছ উপলব্ধ ।

উল্লেখ কৰা প্ৰয়োজন যে Jio HotStar ৰ 149 টকীয়া প্লেন এটা মোবাইল প্লেন, যিটো এড-চাপৰ্ট আৰু ব্যৱহাৰকাৰীয়ে এটা সময়ত মাত্ৰ এটা ডিভাইচতহে ব্যৱহাৰ কৰিব পাৰিব । ইয়াত লাইভ স্প’ৰ্টছ, শেহতীয়া চিনেমা আৰু ডিজনী+ অৰিজিনেল অন্তৰ্ভুক্ত কৰা হৈছে । কিন্তু এই পৰিকল্পনাৰ সৈতে ষ্ট্ৰীমিং 720P ৰিজ’লিউচনত সীমাবদ্ধ ।

এই প্লেনৰ উপৰিও জিঅ’ হটষ্টাৰৰ 299 টকাৰ ছুপাৰ প্লেনও আছে, যাৰ বৈধতা তিনি মাহৰ । এই পৰিকল্পনাৰ অধীনত এই এপটো একেলগে দুটা ডিভাইচত ষ্ট্ৰীম কৰিব পৰা যাব, যিয়ে মোবাইল, ৱেব আৰু স্মাৰ্ট টিভি সমৰ্থন কৰে আৰু ইয়াক 1080P ষ্ট্ৰীমিং কৰিব পাৰিব । এপটোৰ আটাইতকৈ দামী প্ৰিমিয়াম প্লেন হৈছে 499 টকা, যাৰ অধীনত ষ্ট্ৰীমিং 4K ৰিজ’লিউচনত কৰিব পৰা যায় আৰু ই এড-ফ্ৰী অভিজ্ঞতা প্ৰদান কৰে । ইয়াৰ বৈধতাও 3 মাহ ।

লগতে পঢ়ক

Last Updated : Feb 18, 2025, 5:20 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.