টীয়কত উদযাপন বিশ্ব চাইকেল দিৱস

By

Published : Jun 3, 2021, 2:29 PM IST

thumbnail
আজি বিশ্ব চাইকেল দিৱস ৷ প্ৰতিবছৰে জুন মাহৰ ৩ তাৰিখে বিশ্বজুৰি পালন কৰা হয় বিশ্ব চাইকেল দিৱস । ২০১৮ চনৰ এপ্ৰিল মাহত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভায়ে ৩ জুন তাৰিখক বিশ্ব চাইকেল দিৱস হিচাপে উদযাপন কৰিবলৈ প্ৰস্তাৱ গ্ৰহণ কৰিছিল । ৰাষ্ট্ৰসংঘৰ প্ৰস্তাৱত চাইকেলৰ দীৰ্ঘ জীৱনকাল আৰু বহু কামত ব্যৱহৃত হোৱাৰ প্ৰশংসা কৰা হৈছিল । লগতে প্ৰায় দুই শতক কাল সাধাৰণ, কম ব্যয়যোগ্য, বিশ্বাসযোগ্য, নিকা আৰু পৰিৱেশৰ বাবে উপযুক্ত যান-বাহনৰ মাধ্যম হিচাপে চাইকেলৰ উল্লেখ কৰা হৈছিল । চাইকেল ব্যৱহাৰৰ সুফলৰ বিষয়ে সজাগতা সৃষ্টি কৰিব বাবে মূলতঃ এই দিৱস উদযাপন কৰা হয় । টীয়কৰ স্পীনাৰ ক্লাৱেও টীয়কৰ পৰা লাহদৈগড়লৈ ১৪ কিঃমিঃ পথ চাইকেল চলাই এই দিৱস পালন কৰে । কাৰ্যসূচীৰ শেষত টীয়ক আৰক্ষী থানাত এটি গছ পুলি ৰূপণ কৰি লগতে ক’ভিড পৰিস্থিতি প্ৰতি লক্ষ্য ৰাখি ৰাইজৰ মাজত মাক্স বিতৰণ কৰে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.