thumbnail

By

Published : Jun 23, 2021, 1:16 PM IST

ETV Bharat / Videos

চামগুৰিত বনৰীয়া হাতীৰ উপদ্ৰৱত বিস্তৰ ক্ষতিসাধন

চামগুৰিৰ পদুমনি গাঁৱত অব্যাহত আছে বন্যহস্তীৰ ( Wild Elephant) উপদ্ৰৱ। মঙলবাৰে নিশা প্ৰায় দুইমান বজাত চামগুৰিৰ পদুমনি গাঁৱৰ ফুকন শইকীয়া নামৰ এজন লোকৰ ঘৰত প্ৰৱেশ কৰি বন্যহস্তীয়ে চলালে সন্ত্ৰাস । বনৰীয়া হাতীয়ে ঘৰ-দুৱাৰৰ ক্ষতিসাধন কৰাৰ লগতে সাচি ৰখা ধানকে আদি কৰি বিভিন্ন খাদ্য সামগ্ৰী খাই তহিলং কৰে । বিগত বহু বছৰৰ পৰাই চামগুৰি (Samguri)ৰ বৃহত্তৰ পদুমনি, ভৰাগুৰি অঞ্চলত বন্যহস্তীৰ উপদ্ৰৱত জীয়াতু ভুগি আহিছে ৰাইজে । উল্লেখ্য যে, দিনৰ ভাগত ওচৰৰে ঘন জংঘল ( Forest)ত বহুকেইটা বন্যহস্তী আশ্ৰয় লৈ আছে যদিও নিশা হ'লেই অঞ্চলটোত উপদ্ৰপ চলায় বুলি ৰাইজে সাংবাদিকৰ আগত সদৰি কৰিছে । শীঘ্ৰেই বনৰীয়া হাতীৰ জাকটোৰ উপদ্ৰৱৰ পৰা ৰক্ষা কৰিবলৈ চৰকাৰ (Govt) তথা বন বিভাগক আহ্বান জনাইছে ৰাইজে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.