তিনিচুকীয়াৰ মহাকালি গাঁৱত গো মাংসক লৈ উত্তেজনা

By

Published : May 30, 2021, 10:45 PM IST

thumbnail

তিনিচুকীয়া সমষ্টিৰ বৰডুবি থানাৰ অন্তৰ্গত মহাকালি গাঁৱত গো মাংস বিক্ৰী কৰা ঘটনা পোহৰলৈ আহিছে । জানিব পৰা মতে মহাকালি গাঁৱৰ ৩১৫ নং গ্ৰান্তত নিৱাসী বলিৰাম একৰাৰ বাসগৃহত নিশা গৰু কাটি থকা অৱস্থাত স্থানীয় ৰাইজে হাতে লোটে ধৰা পেলায় ৷ লগতে অভিনাশ লোহাৰ নামৰ এজন ব্যক্তিয়ে মাংস লৈ যোৱা অৱস্থাত স্থানীয় ৰাইজে ধৰা পেলায় । এই সন্দৰ্ভত স্থানীয় ৰাইজে বৰডুবি আৰক্ষীক খবৰ দিয়ে আৰু বৰডুবি আৰক্ষী আহি বলিৰাম একৰা আৰু অভিনাশ লোহাৰক নিজৰ জিন্মাত লয় । বলিৰাম একৰাৰ বাসগৃহত গো মাংসৰ লগতে এটি সৰু গৰু পোৱালি উদ্ধাৰ কৰে আৰক্ষীয়ে । স্থানীয় ৰাইজে আৰক্ষীক ব্যক্তি দুজনক শাস্তি প্ৰদান কৰিবলৈ আহ্বান জনায় ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.