হোজাই জিলাৰ ডাবলং স্বাস্থ্যকেন্দ্ৰত উত্তপ্ত পৰিস্থিতি - কভিড ভেকচিন
🎬 Watch Now: Feature Video

হোজাই জিলাৰ ডাবলং স্বাস্থ্যকেন্দ্ৰত উত্তপ্ত পৰিস্থিতি । স্বাস্থ্য কেন্দ্ৰটোত ক'ভিড ভেকচিন ল'বলৈ আহি টনা-আজুৰা ৰাইজৰ ৷ কেইবাঘন্টা জুৰি অপেক্ষা কৰাৰ পাচতো ক'ভিড ভেকচিন ল'বলৈ নাপাই একাংশ লোকে সৃষ্টি কৰে উত্তপ্ত পৰিস্থিতিৰ ৷ ইফালে একাংশ লোকে স্বাস্থ্য কেন্দ্ৰটোলৈ শিল দলিওৱাৰ অভিযোগ স্বাস্থ্যকৰ্মীৰ ৷ এই কাণ্ডত এগৰাকী আৰক্ষীৰ লোক গুৰুতৰভাৱে আহত হোৱাৰ লগতে ক্ষোভিত ৰাইজে স্বাস্থ্যকৰ্মীক হাতত ধৰি স্বাস্থ্যকেন্দ্ৰৰ বাহিৰলৈ টানি অনাৰ চেষ্টা কৰা বুলি সদৰি কৰিছে স্বাস্থ্যকৰ্মীয়ে । স্বাস্থ্যকেন্দ্ৰৰ দুৱাৰ বন্ধ কৰি প্ৰাণ ৰক্ষাৰ চেষ্টা স্বাস্থ্য কেন্দ্ৰটোৰ চিকিৎসক-নাৰ্চৰ । ঘটনাস্থলীত লংকা আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ।