নগাঁৱৰ পূজামণ্ডপত জীৱন্ত সুধাকণ্ঠ ! - কোভিড 19
🎬 Watch Now: Feature Video
নগাঁৱৰ দুৰ্গা পূজাত সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ গীতৰ মূৰ্ছনা ৷ ভূপেন দাক একপ্ৰকাৰ জীৱন্ত ৰূপ দিয়াৰ প্ৰচেষ্টা পূজা উদ্যোক্তা কমিটিৰ । সম্পূৰ্ণ ক’ভিড প্ৰট’কল ৰক্ষা কৰি এইবেলি পূজা-অৰ্চনা অনুষ্ঠিত কৰিছে নগাঁৱৰ হিন্দু মিলন মন্দিৰ পূজা কমিটিয়ে ৷ পূজাত উপস্থিত প্ৰতিগৰাকী ভক্তৰ প্ৰথমে শৰীৰৰ তাপমাত্ৰা পৰীক্ষা, মাস্ক পৰিধান নকৰা লোকক বিনামূলীয়াকৈ মাস্ক প্ৰদান কৰাৰ পিছত বৈদ্যুতিক ফেনৰ জৰিয়তে শৰীৰ চেনিটাইজ কৰাৰ ব্যৱস্থা কৰিছে পূজা কমিটিখনে । তাৰ পিছতহে দেৱী দুর্গাৰ আশীষ ল’বলৈ মণ্ডপত প্ৰৱেশ কৰিব পাৰিব ভক্তসকল । এনেদৰে ক’ভিড 19 ৰ সংক্ৰমণৰ মাজতো সুন্দৰকৈ পূজা অনুষ্ঠিত কৰিছে নগাঁৱৰ হিন্দু মিলন মন্দিৰ পূজা কমিটিয়ে ৷