তিনিচুকীয়াত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ মানৱ শৃংখল - খেতিয়কে ব্যৱহাৰ কৰা সাৰ

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jul 26, 2021, 3:48 PM IST

Updated : Jul 26, 2021, 6:33 PM IST

ৰাজ্যত দিনক-দিনে হ্ৰাস পাবলৈ ধৰিছে কেঁচা চাহপাতৰ মূল্য । অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যই সাধাৰণ ৰাইজক জুৰুলা কৰাৰ সমান্তৰালভাৱে কেঁচা চাহপাতৰ হ্ৰাস পোৱা মূল্যই এতিয়া বিপাঙত পেলাইছে ৰাজ্যৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলক । ইয়াৰে প্ৰতিবাদত সোমবাৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি তিনিচুকীয়া জিলা সমিতিয়ে জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে । প্ৰতিবাদকাৰীসকলে কেঁচা চাহপাতৰ নূন্যতম সমৰ্থন মূল্য নিৰ্ধাৰণ কৰা, ক্ষুদ্ৰ চাহ খেতিয়কে ব্যৱহাৰ কৰা সাৰ আৰু ঔষধৰ মূল্য হ্ৰাস কৰা আৰু প্ৰতিখন জিলাতে চৰকাৰী চাহ ফেক্টৰী স্থাপন কৰাৰ দাবীত চৰকাৰ বিৰোধী শ্ল’গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷
Last Updated : Jul 26, 2021, 6:33 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.