স্বাস্থ্যমন্ত্ৰীৰ গৃহ জিলাতে চিকিৎসা সেৱাৰ বাবে হাহাকাৰ কৰিছে ৰোগীয়ে
🎬 Watch Now: Feature Video
স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ গৃহ জিলাতে চিকিৎসা সেৱাৰ বাবে হাহাকাৰ কৰিছে ৰোগীয়ে ৷ নগাঁও জিলাৰ কন্দলি আদৰ্শ চিকিৎসালয়লৈ অহা ৰোগীয়ে ঘণ্টা ঘণ্টা ধৰি অপেক্ষা কৰিবলগীয়া হয় চিকিৎসকৰ বাবে ৷ চিকিৎসালয়খনত 3 গৰাকী চিকিৎসক কৰ্মৰত হৈ আছে যদিও চিকিৎসা সেৱাৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে স্থানীয় লোক সকল ৷ পুৱাৰে পৰা চিকিৎসালয়খনত নাই চিকিৎসক, বিনা চিকিৎসাৰে ঘৰমুৱা হৈছে ৰোগী সকল ৷