খুমটাইত গোলাঘাট জিলাৰ ভিতৰতে দ্বিতীয় সৰ্বোচ্চ পতাকা উত্তোলন
🎬 Watch Now: Feature Video
দেশৰ 75 তম স্বাধীনতা দিৱসত গোলাঘাট জিলাৰ খুমটাইত উত্তোলন কৰা হ'ল জিলাখনৰ ভিতৰতে দ্বিতীয় সৰ্বোচ্চ ৰাষ্ট্ৰীয় পতাকা ৷ খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াই ঐতিহাসিক যোগিবাৰী বিলত স্থায়ীভাৱে ৪৫ ফুট উচ্চতাৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে ৷ এই অনুষ্ঠানত উপস্থিত থাকে খুমটাই সমষ্টিৰ পৰ্যটন ক্ষেত্ৰৰ ব্ৰেণ্ড এম্বেচাদৰ আচুৰ্য্য বৰপাত্ৰ গোঁহাইৰ লগতে সমষ্টিৰ বিভিন্ন লোক । সমষ্টিটোৰ গ্ৰাম্য পৰ্যটন ক্ষেত্ৰৰ অধিক উন্নয়নৰ উদ্দেশ্য আগত ৰাখি বিধায়ক মৃণাল শইকীয়াই www.khumtairuraltourism.com নামেৰে এটা ৱেবছাইট মুকলি কৰে ৷