ক’ভিড প্ৰট’কলৰ মাজেৰে পাতিলাদহাত সম্পন্ন সপ্তমী পূজা - মহাসপ্তমী
🎬 Watch Now: Feature Video
সমগ্ৰ ৰাজ্যৰ লগতে বঙাইগাঁও জিলাৰ মাণিকপুৰৰ পাতিলাদহাতো আয়োজন কৰা হৈছে শাৰদীয় দুৰ্গা পূজা(Durga Puja)ৰ ৷ সম্পূৰ্ণ ক’ভিড প্ৰট’কল মানি আদৰা হৈছে শাৰদী ৰাণীক ৷ মহাসপ্তমী(Maha Saptami)ৰ দিনা পূজাথলীত বঙাইগাঁৱৰ ভিন্ন প্ৰান্তৰ পৰা ভক্তসকলৰ সমাগম ঘটা পৰিলক্ষিত হয় । যদিও চৰকাৰে পূজাৰ উদযাপন কৰাৰ অনুমতি প্ৰদান কৰিছে, পূৰ্বৰ তুলনাত আশা কৰা মতে ৰাইজৰ সঁহাৰি দেখা নাই পূজা সমিতিয়ে । পূজাৰ বাবে লৈ চৰকাৰে জাৰি SOP ক লৈ ৰাইজৰ মাজত সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ ৷ পূজাথলীত নাই মেলা, সাংস্কৃতিক কাৰ্যসূচীৰ আয়োজন ৷ একমাত্ৰ ধৰ্মীয় ৰীতি-নীতিৰে দিনৰ ভাগতে সকলো কাৰ্যসূচী সম্পন্ন কৰিবলগীয়া হৈছে । জিলা প্ৰশাসনে প্ৰদান কৰা তিনিদিনীয়া অনুমতি অনুসাৰে চলিছে দুৰ্গা পূজাৰ কাৰ্যসূচী ৷