thumbnail

By

Published : Nov 2, 2021, 9:40 PM IST

ETV Bharat / Videos

বাংলাদেশত হিন্দুসকলৰ ওপৰত চলা আক্ৰমণত শোক প্ৰকাশ আৰ এছ এছৰ

বাংলাদেশৰ পৰা হিন্দু সমাজক সম্পূৰ্ণৰূপে বিলুপ্ত কৰাৰ বাবেই বাৰে বাৰে ৰাষ্ট্ৰখনত হিন্দু সমাজক লক্ষ্য কৰি হত্যা-হিংসা সংঘটিত কৰা হৈছে ৷ এই অভিযোগ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অখিল ভাৰতীয় কাৰ্যকৰী মণ্ডলৰ ৷ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অখিল ভাৰতীয় কাৰ্যকৰী মণ্ডলে বাংলাদেশত হিন্দুসকলৰ ওপৰত উন্মত্ত ইছলামিক আক্ৰমণক গৰিহণা দি মঙলবাৰে এখন সংবাদমেলৰ আয়োজন কৰে । সংবাদমেলত সংঘৰ নেতৃবৃন্দই লগতে কয় যে, বাংলাদেশৰ এনে চক্ৰান্ত তথা ষড়যন্ত্ৰৰ ফলত ভাৰত বিভাজনৰ পিছৰে পৰা বাংলাদেশত হিন্দু জনসংখ্যা নিৰন্তৰ হ্ৰাস পাই আহিছে । দেশবিভাজনৰ সময়ত, পূৰ্ব বংগত হিন্দুসকলৰ জনসংখ্যা প্ৰায় আঠাইশ শতাংশ আছিল যদিও সম্প্ৰতি এই সংখ্যা প্ৰায় আঠ শতাংশলৈ হ্ৰাস পাইছে । জামাত-ই-ইছলাম (বাংলাদেশ)ৰ দৰে উগ্ৰ ইছলামী গোটৰ অত্যাচাৰে বহু সংখ্যক হিন্দুক দেশ বিভাজনৰ পিছৰে পৰা আৰু পৰৱৰ্তী সময়ত, বিশেষকৈ ১৯৭১ চনৰ যুদ্ধৰ সময়ত ভাৰতলৈ পলাই আহিবলৈ বাধ্য কৰিছিল ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.