অসম আৰক্ষীৰ জোৱান ঋতুৰ সন্ধান বিচাৰি মুখ্যমন্ত্ৰীলৈ পত্ৰ পিতৃৰ

By

Published : Jun 14, 2021, 3:41 PM IST

thumbnail

যোৱা ৪ জুন তাৰিখে হামৰেং জিলাৰ কাৰ্বি-লংপি জল বিদ্যুৎ প্ৰকল্পত নিয়োজিত ১৬ নং অসম পুলিচ বেটেলিয়নৰ জোৱান ঋতু বৰা কৰ্তব্যৰত অৱস্থাৰে পৰা নিৰুদ্দেশ হৈ আছে । পিতৃ ফণী বৰাই পুত্ৰৰ সন্ধানত কৰ্মস্থলীলৈ গৈ উচ্চ পদস্থ বিষয়া তথা বৈঠালাংচু আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰাৰ পাছতো আজি পৰ্যন্ত সন্ধান নোলাল ঋতু বৰাৰ ৷ জোৱানজনৰ এই পৰ্যন্ত কোনো সন্ধান নোলোৱাত টীয়কৰ মেলেং লহকৰ গাঁৱৰ পৰিয়ালৰ লোকসকল চিন্তিত হৈ পৰিছে । সোমবাৰে পৰিয়ালটোৰ কাষত উপস্থিত হয় টীয়কৰ বিধায়িকা ৰেণুপমা ৰাজখোৱা ৷ সন্ধানহীন জোৱানজনৰ পিতৃয়ে বিধায়িকাগৰাকীৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ পুত্ৰৰ সন্ধানৰ বাবে এক পত্ৰও প্ৰেৰণ কৰিছে ৷ তদুপৰি বিষয়টো সন্দৰ্ভত নিজাববীয়াকৈ মুখ্যমন্ত্ৰীৰ সৈতে যোগাযোগ কৰি আলোচনা কৰিব বুলি জানিবলৈ দিয়ে বিধায়িকাগৰাকীয়ে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.