মুখ্যমন্ত্ৰীয়ে ক’লে অখিল মানসিক ৰোগী: ৰাইজৰ দলৰ প্ৰতিক্ৰিয়া - অখিল গগৈ
🎬 Watch Now: Feature Video

"যদি সাহস আছে যুক্তি আৰু তথ্য সহকাৰে অখিলৰ মুখামুখি হওঁক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ হিমন্ত বিশ্ব শৰ্মা তথা বিজেপিৰ চৰকাৰখনে বিধানসভাত অখিল গগৈৰ সাহসী আৰু সবল উপস্থিতি নিবিচাৰে ৷ সেইবাৰে অপযুক্তি আৰু অপবাখ্যাৰে বিধানসভা লৈ অহাত অখিল গগৈক বাধা দি ৰাখিব বিচাৰিছে ৷" বিধানসভাত অখিল গগৈক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যক লৈ এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে ৰাইজৰ দলৰ সভাপতি ভাস্ক’ ডি শইকীয়াই ৷