ৰাজ্যজুৰি শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱৰ ব্যাপক আয়োজন - ৰাজ্যত ৰাস মহোৎসৱৰ প্ৰস্তুতি

🎬 Watch Now: Feature Video

thumbnail

By

Published : Nov 9, 2019, 11:36 PM IST

শ্ৰী শ্ৰী কৃষ্ণৰ ৰাস উৎসৱলৈ মাজত মাত্ৰ কেইটামান দিন বাকী । সত্ৰ নগৰী মাজুলীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰাস উৎসৱৰ প্ৰস্তুতি এতিয়া তুংগত ৷ সত্ৰৰ পৰম্পৰা- মঞ্চৰ আধুনিকতাত উখল মাখল মাজুলীৰো আকাশ বতাহ । মাজুলীত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা মহিলা ৰাসক লৈ এতিয়া উচাহৰ অন্ত নাই শ্ৰীৰাম বনমালিৰ মহিলা সকলৰ ৷ শ্ৰী ৰাম আঞ্চলিক কৃষ্টিসংঘ বনমালীত তিনিদিয়া ৰাসৰ বৰ্ণাঢ্য আয়োজন ৷ মাজুলিৰ লগতে গোলাঘাট জিলাৰ আধাৰসত্ৰতো ৩৯ সংখ্যক ৰাস উৎসৱ উদযাপনৰ বাবে পূৰ্ণগতিত চলিছে আখৰা ৷ সাংস্কৃতিক কৰ্মী জীতেন কাকতিৰ পৰিচালনাত স্থানীয় কণ কণ শিশু, যুৱক যুৱতী সকলৰ দ্বাৰা গোলাঘাটৰ আধাৰসত্ৰত দুদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা হ’ব ৰাস উৎসৱ ৷ নলবাৰী, পলাশবাৰীৰ সমান্তৰালকৈ মহানগৰীৰ মালিগাঁৱ, নামনি অসমৰ পুঠিমাৰীটো ৰাস মহোৎসৱৰ বৰ্ণাঢ্য আয়োজন ৷ ব্ৰহ্মপুত্ৰ উপত্যকাৰ লগতে বৰাকতো উলহ মালহেৰে উদযাপন হ’ব ৰাস ৷ কৰিমগঞ্জ জিলাৰ পাথাৰকান্দিৰ উনামগাঁওৰ ৰাইজে এইবাৰ পালন কৰিব 82 সংখ্যক ৰাস মহোৎসৱ । এই ৰাস উৎসৱখন চাবলৈ চুবুৰীয়া দেশ বাংলাদেশ, চুবুৰীয়া ৰাজ্য মনিপুৰ আৰু মিজোৰামৰ পৰা প্ৰতিবাছৰে আহি ভিৰ কৰে ভক্তবৃন্দই ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.