প্ৰমোদ বড়োৰ চৰকাৰৰ দিনতেই বিটিচিৰ সকলো ধ্বংস হৈছে : হাগ্ৰামা মহিলাৰী
🎬 Watch Now: Feature Video
‘প্ৰমোদ বড়োৰ চৰকাৰে বিটিচি শেষ কৰি পেলাইছে ৷ প্ৰমোদ বড়োৰ চৰকাৰৰ দিনতেই বিটিচিৰ সকলো ধ্বংস হৈছে’ ৷ এই মন্তব্য বিপিএফ দলৰ সভাপতি তথা বিটিচিৰ প্ৰাক্তন মুৰব্বী হাগ্ৰামা মহিলাৰী (BPF President Hagrama Mohilary)ৰ ৷ উল্লেখ্য যে, শনিবাৰে তামুলপুৰ জিলা বিপিএফৰ উদ্যোগত তামুলপুৰত আয়োজন কৰা হয় জিলা পৰ্যায়ৰ কৰ্মশালা (District level workshop in Tamulpur by BPF) ৷ এই কৰ্মশালাত উপস্থিত থাকে বৰ্তমান বিপিএফ দলৰ সভাপতি তথা বিটিচিৰ প্ৰাক্তন মুৰব্বী হাগ্ৰামা মহিলাৰী । এই কৰ্মশালাত উপস্থিত থাকিয়েই বিপিএফ দলৰ সভাপতি গৰাকীয়ে কটু সমালোচনা কৰে বৰ্তমানৰ বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো (Hagrama Mahilary criticizes BTC Chief Pramod Boro)ক ৷