ৰঙিয়াত ড্ৰাগছৰ বিৰুদ্ধে অভিযান - drug expedition at rangia

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jun 3, 2021, 1:43 PM IST

ৰঙিয়াত ড্ৰাগছৰ বিৰুদ্ধে অভিযান । এক গোপন সূত্ৰৰ পম খেদি ৰঙিয়া মহকুমা আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অতৰ্কিতে অভিযান চলালে ৰঙিয়াৰ বালাগাঁৱৰ দুখন দোকানত । ড্ৰাগছ সৰবৰাহ কৰাৰ সন্দেহত মণ্টুল আলীৰ দোকানত চলিল এই অভিযান । আৰক্ষীয়ে দোকনখনৰ সকলোবোৰ বস্তু তন্ন তন্নকৈ পৰীক্ষা কৰিলে । কিন্তু সন্দেহৰ আৱৰ্তত থকা মণ্টুল আলী সাৰি যাবলৈ সক্ষম হয় । শেষত দোকানত তলা লগাই মণ্টুল আলীৰ দোকানত কাম কৰা যুৱক এজনৰ লগতে দোকানত চাহ খাবলৈ অহা গ্ৰাহক আৰু কাষৰ দোকানীৰ লগতে সমুদায় পাঁচ গৰাকী লোকক আটক কৰি ৰঙিয়া থানালৈ লৈ আহে আৰক্ষীয়ে । ইফালে ড্ৰাগছ সৰবৰাহকাৰীক ধৰিবলৈ যাওঁতে নিৰপৰাধী লোকৰ যাতে হাৰাশাস্তি নহয় তাৰপ্ৰতি প্ৰশাসনক লক্ষ্য ৰাখিবলৈ আহ্বান জনাইছে স্থানীয় ৰাইজে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.