লক ডাউন আৰু লাঠিচলনাঃ আৰক্ষীয়েও এবাৰ বিবেচনা কৰাৰ প্ৰয়োজনীয়তা আছে !

🎬 Watch Now: Feature Video

thumbnail
নিউজ ডেক্স, 25 মাৰ্চঃ দেশজুৰি লক ডাউন ঘোষণা কৰা হৈছে যদিও ইয়াৰ পৰা ৰেহাই দিয়া হৈছে অত্যাৱশ্যকীয় সেৱা সমূহক ৷ সেই অনুসৰি ফাৰ্মাচী, গেলামাল, শাক-পাচলিৰ দোকান, পেট্ৰলপাম্পকে ধৰি বিভিন্ন অত্যাৱাশ্যকীয় সেৱা সমূহ জনসাধাৰণৰ বাবে খোলা ৰাখিবলৈ নিৰ্দেশ দিছে প্ৰশাসনে ৷ কিন্তু ইয়াৰ মাজতেই দেখা গ'ল একাংশ আৰক্ষীৰ অবিবেচক কাণ্ড ৷ কৰবাত যদি আৰক্ষীয়ে লণ্ড-ভণ্ড কৰিলে শাক-পাচলিৰ দোকান, কৰবাত আকৌ কোনো বাচ-বিচাৰ নোহোৱাকৈয়ে প্ৰহাৰ কৰিলে পথচাৰীক ৷ এইক্ষেত্ৰত আৰক্ষীয়ে পথচাৰী অথবা ব্যৱসায়ীক প্ৰহাৰ কৰাৰ আগত এবাৰ বিবেচনা কৰাৰ প্ৰয়োজন নিশ্চয় আছিল ৷ আৰক্ষীৰ নিৰ্বিচাৰ লাঠিৰ কোব খোৱাৰ ভয়ত যদি অনাগত দিনত ব্যৱসায়ী সকলে দোকান খুলিবলৈ ভয় কৰে তেন্তে জনসাধাৰণৰ মাজত সৃষ্টি হোৱা অত্যাৱশ্যকীয় সামগ্ৰীৰ নাটনিৰ বাবে জগৰীয়া কোন হ'ব !

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.