শতকৰ দিশে পে’ট্ৰল-ডিজেলৰ মূল্য

By

Published : Jul 8, 2021, 9:49 AM IST

Updated : Jul 8, 2021, 10:00 AM IST

thumbnail

পে’ট্ৰল-ডিজেল (Petrol-Disel)ৰ অত্যধিক মূল্যবৃদ্ধিয়ে কোঙা কৰিছে সাধাৰণ জনতাক । আকাশলংঘী মূল্যবৃদ্ধিৰ বাবে দুচকীয়া অথবা চাৰিচকীয়া বাহনখন উলিয়াই নিবৰ বাবে যেন বহুবাৰ ভাবিবলগা হৈছে । আজিৰ দিনত মাজুলীত প্ৰতি লিটাৰ পে’ট্ৰল (Petrol)ৰ মূল্য ৯৮.১৬ টকা আৰু প্ৰতি লিটাৰ ডিজেল (Disel)ৰ মূল্য ৯০.৮৭ টকা । এফালে ক'ৰণা (Covid 19)ৰ ভয়াৱহতাৰ বাবে আংশিক লক ডাউন (Lockdown) আৰু আনফালে অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে পে’ট্ৰল-ডিজেল (Petrol-Disel)ৰ অত্যাধিক মূল্যবৃদ্ধিয়ে এতিয়া জ্বলা-কলা খুৱাইছে সাধাৰণ ৰাইজক । পে’ট্ৰল-ডিজেল (Petrol-Disel)ৰ মূল্যবৃদ্ধিয়ে আন আন সামগ্ৰীৰ মূল্যবৃদ্ধিতো অৰিহণা যোগাইছে ৷ সেয়েহে সাধাৰণ ৰাইজে চৰকাৰলৈ আহ্বান জনাইছে, যাতে পে’ট্ৰল-ডিজেল (Petrol-Disel)ৰ মূল্য নিয়ন্ত্ৰণ কৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মৃল্যবৃদ্ধি ৰোধ কৰে ৷

Last Updated : Jul 8, 2021, 10:00 AM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.