কৰিমগঞ্জত পথ দুৰ্ঘটনাত থিতাতে নিহত এজন

By

Published : Dec 23, 2021, 8:43 PM IST

thumbnail
কৰিমগঞ্জৰ দেওলাখালত বৃহস্পতিবাৰে এখন যাত্ৰীবাহী ক্ৰুইজাৰ আৰু বাইকৰ মুখামুখি সংঘৰ্ষ(Road accident in Karimganj)ত এজন যুৱক থিতাতে নিহত হয়(One Death in Road Accident) ৷ নিহত যুৱকজন বাইকখনৰ চালক আলি আহমদ বুলি জানিব পৰা হৈছে ৷ আনহাতে বাইকখনৰ আনজন আৰোহী বদৰুল হকক আৰক্ষীয়ে সংকটজনক অৱস্থাত শিলচৰ মেডিকেল কলেজ হাস্পতাল(Silchar Medical College and Hospital)লৈ প্ৰেৰণ কৰা বুলি জানিব পৰা হৈছে ৷ যুৱকদ্বয় কৰিমগঞ্জৰ বিনোদিনী এলেকাৰ বাসিন্দা বুলি জানিব পৰা হৈছে । দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতেই পলায়ন কৰে ক্ৰুইজাৰখনৰ চালকজনে । ঘটনাৰ পিছত উত্তেজিত স্থানীয় ৰাইজে কিছুসময়ৰ বাবে অসম ত্ৰিপুৰা ৰাষ্ট্ৰীয় ঘাইপথ(Assam Tripura National Highway) অৱৰোধ কৰে যদিও আৰক্ষী উপস্থিত হৈ ৰাষ্ট্ৰীয় ঘাইপথটো অৱৰোধমুক্ত কৰে । দুৰ্ঘটনাগ্ৰস্ত ক্ৰুইজাৰখনৰ নম্বৰ AS 10 AC 1790 আৰু বাইখনকৰ নম্বৰ AS11K 9098 ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.