thumbnail

By

Published : Apr 21, 2021, 10:49 PM IST

Updated : Apr 21, 2021, 11:05 PM IST

ETV Bharat / Videos

কণ্ঠশিল্পী ভিতালী দাসৰ মৃত্যুত ৰাজ্যজুৰি শোকৰ ছাঁ

জানমণি, অঞ্জনাকে ধৰি বিভিন্ন বিহুগীতৰ লগতে বহু আধুনিক গীত উপহাৰ দিয়া কণ্ঠশিল্পী ভিতালী দাস আৰু নাই ৷ ক’ভিডত আক্ৰান্ত হৈ যোৱা 14 এপ্ৰিলত কালাপাহাৰৰ চিকিৎসালয়ত ভৰ্তি হৈছিল কণ্ঠশিল্পী গৰাকী ৷ কণ্ঠশিল্পী গৰাকীৰ অসুস্থতাৰ বাতৰি বিয়পি পৰাৰ পাছতেই শুভাকাংক্ষীকে ধৰি সাংস্কৃতিক ক্ষেত্ৰখনৰ সকলোৱে তেখেতৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰিছিল ভগৱানক ৷ কিন্তু নিয়তিৰ কি পৰিহাস, অৱশেষত সকলোকে কন্দুৱাই চিৰদিনলৈ চকু মুদিলে কণ্ঠশিল্পী ভিতালী দাসে ৷ বুধবাৰে সন্ধিয়া শেষ নিশ্বাস ত্যাগ কৰিলে জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীয়ে ৷ উল্লেখ্য যে, মহানগৰীৰ লতাশিলৰ বিহুৰ অনুষ্ঠানত গীত পৰিবেশন কৰিবলৈ গৈ ১৪ এপ্ৰিলত অসুস্থ হৈ পৰিছিল ভিতালী দাস । ইয়াৰ পিছতে শিল্পীগৰাকী দেহত ক'ভিড পজিটিভৰ ভাইৰাছ ধৰা পৰাত যোৱা ১৪ এপ্ৰিলত কালাপাহাৰৰ কভিড চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল আৰু তেতিয়াৰ পৰাই চিকিৎসালয়ৰ আই চি ইউত মৃত্যুৰে যুঁজিছিল কণ্ঠশিল্পীগৰাকীয়ে । কিন্তু সুস্থ হৈ আই চি ইউৰ পৰা উলাই আহিব নোৱাৰিলে ভিতালী দাস ৷ 43 বছৰ বয়সত সকলোকে কন্দোৱাই এইগৰাকী কণ্ঠশিল্পীয়ে মহামাৰী ক’ৰ‘ণাৰ গ্ৰাসত পৰি চিৰ বিদায় মাগিলে এই ধৰাৰ পৰা ৷ শিল্পী গৰাকীৰ বিয়োগৰ বাতৰি বিয়পি পৰাৰ লগে লগে ৰাজ্যৰ সাংস্কৃতিক জগতৰ লগতে সৰ্বত্ৰে এতিয়া শোকৰ ছাঁ পৰিছে ৷ জানমণি, অঞ্জনা, ৰাংঢালী, বগীতৰা, মৰমজান আদিৰ দৰে প্ৰতিখন জনপ্ৰিয় বিহুগীতৰ কেছেটতে কণ্ঠ নিগৰোৱা সকলোৰে মৰমৰ ভিতালী দাসৰ বিয়োগত এতিয়া সকলোৱে টুকিছে মাথো চকুলো ৷ ৰাজ্যৰ মুখ্যমন্ত্ৰী, স্বাস্থ্য মন্ত্ৰীকে ধৰি সকলোৱে প্ৰেৰণ কৰিছে শোকবাৰ্তা ৷
Last Updated : Apr 21, 2021, 11:05 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.