এইবাৰ ক্ৰিকেটাৰৰ ৰূপত ড৹ হিমন্ত বিশ্ব শৰ্মা - ন ৰূপত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

🎬 Watch Now: Feature Video

thumbnail

By

Published : Nov 16, 2021, 9:27 PM IST

এইবাৰ ন-ৰূপত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ মঙলবাৰে কামৰূপ জিলাৰ আমিনগাঁৱত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীক দেখা গ’ল এগৰাকী ক্ৰিকেটাৰৰ ৰূপত ৷ আমিনগাঁৱত অসম ক্ৰিকেট সন্থাই প্ৰায় ১ কোটি ২০ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এখন উন্নত মানৰ ক্ৰিকেট গ্ৰাউণ্ড মঙলবাৰে উদ্বোধন কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । আমিনগাঁৱৰ ‘কুমাৰ ভাস্কৰ বৰ্মন ক্ষেত্ৰ’ত নতুনকৈ নিৰ্মাণ কৰা ক্ৰিকেট গ্ৰাউণ্ডখনৰ লগতে এটা উন্নত মানদণ্ডৰ আটকধুনীয়া পেভেলিয়ানো নিৰ্মাণ কৰা হৈছে । পেভেলিয়ানখনত অন্যান্য সা-সুবিধাৰ লগতে প্ৰায় ৬০ জন খেলুৱৈ ৰাখিব পৰা হোষ্টেলৰ ব্যৱস্থাও ৰখা হৈছে ৷ বি চি চি আইয়ে, ইতিমধ্যে এই প্লে গ্ৰাউণ্ডখন পৰিদৰ্শন কৰি মহিলা ক্ৰিকেট আৰু ২০ বছৰৰ তলৰ আন্তঃৰাজ্যিক ক্ৰিকেট খেল অনুষ্ঠিত কৰাৰ বাবে অনুমতি প্ৰদান কৰিছে । সেই মৰ্মে আগন্তুক, ১৭ নৱেম্বৰত চিকিম আৰু মেঘালয়ৰ মাজত প্ৰথমখন ক্ৰিকেট খেল অনুষ্ঠিত হ'ব নৱ নিৰ্মিত এই প্লে গ্ৰাউণ্ডখনত ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.