thumbnail

By

Published : Jun 12, 2021, 9:19 PM IST

Updated : Jun 12, 2021, 9:37 PM IST

ETV Bharat / Videos

বিশেষ যন্ত্ৰপাতি লৈ বানৰ বাবে সাজু NDRF ৰ 12 নং বেটেলিয়ান

দুৰ্যোগ তথা বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি তেজপুৰত উপস্থিত হৈছে ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বিভাগ বা চমুকৈ NDRF(National Disaster Response Force) ৰ ১২ নং বেটেলিয়ানৰ এটা দল ৷ উল্লেখ্য যে, তিনিচুকীয়া জিলাৰ বাঘজান তৈল খাদত সংঘটিত অহৰহ গেছ নিৰ্গত হোৱা ঘটনাত NDRF বাহিনীৰ লোকে ব্যৱহাৰ কৰা অত্যাধুনিক সা-সৰঞ্জামবোৰ ব্যৱহাৰ কৰিব ১২ নং বেটেলিয়ানৰ লোকসকলে ৷ অত্যাধুনিক সৰঞ্জামবোৰৰ ভিতৰত পৰ্টেবল চেল্টাৰ, IRB Boat, Life Jacket, Petrojen Set, DM Kit কে ধৰি বিভিন্ন আধুনিক সা-সৰঞ্জাম মজুত কৰি ৰাখিছে NDRF বাহিনীৰ লোকসকলে ৷ দুৰ্যোগৰ সময়ত ব্যৱহাৰ কৰিবলৈ DM Kit ৰ নতুন সংযোজন কৰি বিভাগটোক প্ৰদান কৰা হৈছে অত্যাধুনিক সঁজুলি । ক'ভিড-১৯কে ধৰি বানৰ কবলৰ পৰা উদ্ধাৰ কৰা লোকক আছুতীয়াকৈ ৰাখিবলৈ বিশেষ এটি বিশেষ কক্ষৰো ব্যৱস্থা কৰা হৈছে । আনহাতে বানৰ সময়ত উদ্ধাৰ কৰিবলৈ ৫ খনকৈ বিশেষ যন্ত্ৰচালিত নাও NDRFৰ লোকসকলে মজুত কৰি ৰাখিছে ৷ চিকিৎসা তথা বানৰ কবলৰ পৰা উদ্ধাৰ আৰু অগ্নি নিৰ্বাপন কৰিবলৈ সুকীয়া সুকীয়াকৈ ব্যৱহাৰ কৰিব পৰা বিশেষ পিপিই কিট প্ৰদান কৰা হৈছে বুলি NDRF ৰ ১২ নং বেটেলিয়ানৰ পৰিদৰ্শক মনিশ চৌধুৰীয়ে ইটিভি ভাৰতৰ সাংবাদিকৰ আগত সদৰী কৰে ।
Last Updated : Jun 12, 2021, 9:37 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.