কংগ্ৰেছৰ পৰা টিকট বঞ্চিত হৈ ৰাইজৰ দলত যোগদান নৰেন্দ্ৰ পাৱাৰৰ - Assam assembly election
🎬 Watch Now: Feature Video

ৰাজ্যত যেন এতিয়া চলিছে দল বাগৰৰ ৰাজনীতি ৷ টিকট বঞ্চিত একাংশ নেতাই যোগদান কৰিছে সম্পূৰ্ণ পৃথক নীতি-আদৰ্শৰ বিপৰীত এটি ৰাজনৈতিক দলত ৷ ব্যতিক্ৰম নহ’ল ধেমাজিও ৷ ধেমাজি জিলা কংগ্ৰেছৰ এগৰাকী জ্যেষ্ঠ নেতা নৰেন্দ্ৰ পাৱাৰে দলৰ পৰা প্ৰাৰ্থীত্ব লাভ নকৰি নিশাটোৰ ভিতৰতে পূৰ্বৰ দলৰ নীতি আদৰ্শক জলাঞ্জলি দি যোগ দিলেগৈ ৰাইজৰ দলত ৷ সোমবাৰে নিশায়ে জ্যেষ্ঠ কংগ্ৰেছ কৰ্মী গৰাকীৰ বাসগৃহতে ৰাইজৰ দলৰ পাচঁ শতাধিক পুৰুষ মহিলাৰ উপস্থিতিত আনুষ্ঠানিকভাৱে যোগদান কৰে ৷ ইপিনে ধেমাজি সমষ্টিৰ বাবে কংগ্ৰেছ দলৰ প্ৰাথী ৰ বাবে প্ৰৱল দাবীদাৰ হোৱা সত্বেও পৰিশেষত বঞ্চিত কৰিলে বুলি দুখ প্ৰকাশ কৰে নেতাগৰাকীয়ে ৷