thumbnail

By

Published : Dec 31, 2021, 4:13 PM IST

ETV Bharat / Videos

হালধীয়া ৰঙেৰে জাতিষ্কাৰ এখন মহাবিদ্যালয়

হালধীয়া ৰঙেৰে জাতিষ্কাৰ হৈ পৰিছে এখন মহাবিদ্যালয় ৷ চালেই চকু জুৰোৱা দৃশ্যই এতিয়া আকৰ্ষণ কৰিছে সকলোকে ৷ ৰঙিয়া মহাবিদ্যালয়ৰ সৰিয়হ খেতিডৰা (Mustard cultivation at Rangia College campus) হৈ পৰিছে সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু ৷ মহাবিদ্যালয়খনত পৰিত্যক্ত অৱস্থাত থকা মাটিত মহাবিদ্যালয় কৰ্তৃপক্ষই কৰিলে সৰিয়হৰ খেতি ৷ সেই সৰিয়হৰ হালধীয়াই এতিয়া মোহিত কৰিছে মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী সকলক লগতে সেই পথেৰে যোৱা সকলোকে ৷ ক্লাছ কৰি ভাগৰি পৰিলে বিদ্যাৰ্থীসকলে জিৰাবলৈ আহে এই সৰিয়হ খেতিডৰালৈ ৷ খেতিডৰাই মহাবিদ্যালয়খনৰ সৌন্দৰ্য বৰ্ধন কৰাৰ লগতে আজিকালিৰ খুব জনপ্ৰিয় ছেলফি জ’নলৈয়ো ৰূপান্তৰিত হৈছে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.