thumbnail

হোজাইত ৰে’লৰ খুন্দাত ২ বছৰীয়া কন্যাসহ নিহত মাতৃ

By

Published : Oct 2, 2021, 12:36 PM IST

হোজাইত সংঘটিত হৈছে এক কৰুণ ঘটনা ৷ হোজাইৰ গোলাঘটীয়া বস্তিৰ বিদ্যাসাগৰ বিদ্যালয়ৰ সমীপত শুকুৰবাৰে যাত্ৰীবাহী ৰে’লৰ খুন্দাত থিতাতে নিহত হয় মাতৃ-কন্যা ৷ নিহত মাতৃ আৰু কন্যা হোজাইৰ উদয়পুৰৰ ৮ নং ৱাৰ্ডৰ বাসিন্দা ঝুমা পুৰুকায়স্থ দাস(৩৪) আৰু পিংকি দাস (২) বুলি জানিব পৰা হৈছে । পূজাৰ বজাৰ কৰাৰ পিছত ঔষধ লৈ ঘৰলৈ ঘূৰি অহাৰ সময়ত সংঘটিত হয় এই দুৰ্ঘটনা ৷ ঘটনাস্থলীত হোজাই ৰে’ল আৰক্ষী উপস্থিত হৈ মৃতদেহ দুটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.