ETV Bharat / state

গুৱাহাটীৰ মাজেৰে এনিমেল এম্বুলেন্সত হাতী সৰবৰাহ: ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়া - ELEPHANT TRANSFER

গুৱাহাটীৰ মাজমজিয়াৰে আৰক্ষীৰ বিশাল কনভয়ৰ মাজত বিছখনৰো অধিক এনিমেল এম্বুলেন্সত নিয়া হৈছে হাতী ।

ELEPHANT TRANSFER
গুৱাহাটীৰ মাজেৰে এনিমেল এম্বুলেন্সত হাতী সৰবৰাহ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jan 19, 2025, 9:28 PM IST

গুৱাহাটী : আৰক্ষীৰ বিশাল কনভয়ৰ মাজত গুৱাহাটীৰ মাজমজিয়াৰে দেওবাৰে বিছখনৰো অধিক এনিমেল এম্বুলেন্সত নিয়া হৈছে হাতী । যাক লৈ সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ । ক'ৰ পৰা ক'লৈ কি কাৰণত এনেদৰে হাতী গুৱাহাটীৰ মাজেৰে এনিমেল এম্বুলেন্সত নিয়া হ'ল তাৰ কোনো নিশ্চিত তথ্য নাই যদিও এই সমস্ত ঘটনাই ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । উত্থাপিত অভিযোগ অনুসৰি আম্বানীৰ চিৰিয়াখানালৈ অসমৰ যোগেদি সৰবৰাহ কৰা হৈছে হাতী ।

গুৱাহাটীৰ মাজেৰে গুজৰাটলৈ লৈ যোৱা হৈছে হাতীকেইটা । ২০ খনৰো অধিক এনিমেল এম্বুলেন্সেৰে নিয়া হৈছে হাতী । অৰুণাচলৰ নামচাইৰ পৰা অসমত প্ৰৱেশ কৰিছিল এনিমেল এম্বুলেন্সকেইখন । তাৰ পাছত গুৱাহাটীৰ মাজেৰে এনিমেল এম্বুলেন্স কেইখনেৰে হাতী লৈ যোৱা হয় । এটা পক্ষই হাতীসমূহ অৰুণাচলৰ পৰা অনা বুলি অভিযোগ কৰাৰ বিপৰীতে আন এটা পক্ষই অসমৰ হাতীক অৰুণাচলৰ বুলি কৈ নিয়াৰ অভিযোগ কৰিছে । অৱশ্যে সমগ্ৰ বিষয়টো স্পষ্ট নহয় ।

গুৱাহাটীৰ মাজেৰে এনিমেল এম্বুলেন্সত হাতী সৰবৰাহ (ETV Bharat Assam)

ইফালে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে কয়, "আচৰিত কথা যে গুজৰাটৰ ৰিলায়েন্স কোম্পানীৰ চিৰিয়াখানাৰ বাবে কিয় আমাৰ হাতীবিলাক নি থাকিব । আমাৰ হাতী বহুত বঢ়া নাই । জংঘল কমাৰ বাবেহে হাতী বঢ়া যেন লাগিছে । বাঢ়িলেও আমি হাতী দিব নোৱাৰো । অসমৰ মানুহৰ অনুমতি নোলোৱাকৈ কেনেকৈ অসমৰ মুখ্যমন্ত্রীয়ে বাহিৰৰ কোম্পানীৰ বাবে এনেদৰে হাতী দিব পাৰে । এইটো কেতিয়াও হ'ব নোৱাৰে । অসমৰ হাতী দিয়াটো বন্ধ কৰক । অন্যথা অসমৰ মানুহে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হ'ব । জাতীয় সংগঠনসমূহে ইয়াৰ প্ৰতিবাদ সাব্যস্ত কৰিব লাগে ।"

ELEPHANT TRANSFER
গুৱাহাটীৰ মাজেৰে এনিমেল এম্বুলেন্সত হাতী সৰবৰাহ (ETV Bharat Assam)

আনহাতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিতু সোণোৱালে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, "আম্বানী পৰিয়ালৰ চিৰিয়াখানাৰ বাবে অৰুণাচল আৰু অসমৰ পৰা হাতী সৰবৰাহৰ কৰাৰ ঘটনা অতি নিন্দনীয় আৰু অতি ভয়ংকৰ । এই ঘটনা অতি শীঘ্ৰে বন্ধ কৰাৰ বাবে আমি দাবী উত্থাপন কৰিছো । এই ঘটনাৰ আঁৰত এটা ডাঙৰ নেক্সাছ আছে আৰু এই নেক্সাছত ভাৰত চৰকাৰ, অসম চৰকাৰ আৰু বন বিভাগৰ শীৰ্ষ বিষয়া জড়িত হৈ আছে ।"

তেওঁ লগতে কয়, "আমি কালি দেখিছো যে তিনিচুকীয়া জিলাৰ ডিৰাক গেটৰ পৰা এম্বুলেন্সত হাতী লৈ গৈছে । হিমন্ত বিশ্ব শৰ্মাই ক'ত সাহস পালে এনেদৰে পুলিচৰ দাদাগিৰি দেখুৱাই ৰাজপথেৰে এনেদৰে হাতী নিব পাৰিছে । হিমন্ত বিশ্ব শৰ্মাক আমি সকীয়াই দিছো যে অতি শীঘ্ৰে এই কাৰ্য বন্ধ কৰিব লাগিব । সহজ সৰল লোকক আভুৱাভাৰি এই কাৰ্য সংঘটিত কৰা হৈছে । আমি প্ৰশ্ন কৰিব বিচাৰিছো যে প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদী দেশৰ জনসাধাৰণৰ প্ৰতি দায়বদ্ধ নে আম্বানী পৰিয়ালৰ প্ৰতি দায়বদ্ধ । মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাক অসমৰ দায়িত্ব দিয়া হৈছে নে আম্বানী পৰিয়ালৰ অৱসৰ বিনোদনৰ দায়িত্ব দিয়া হৈছে ।"

লগতে পঢ়ক: অভিশপ্ত কলামাটিৰ ৰেট হল কয়লাখনিৰ যন্ত্ৰপাতি জব্দ, ১১ জনক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.