Raas Mahotsav presented in distorted form: সৰৱ মাজুলীৰ সত্ৰাধিকাৰ - মৰিগাঁৱত ৰাসক বিকৃত ৰূপত উপস্থাপন

🎬 Watch Now: Feature Video

thumbnail

By

Published : Nov 24, 2021, 2:50 PM IST

মৰিগাঁৱৰ বৰঙাবাৰী ৰাস মহোৎসৱ(Morigaon Barangabari Raas Mahotsav)ত ৰাসক বিকৃত ৰূপত উপস্থাপন(Ras Mahotsav presented in distorted form) কৰাক লৈ সৰৱ হৈ পৰিছে মাজুলীৰ সত্ৰাধিকাৰ । মাজুলীৰ সত্ৰাধিকাৰৰ মতে, ৰাস এটি আধ্যাত্মিক অনুষ্ঠান, ৰাসৰ জৰিয়তে কৃষ্ণৰ মহিমা বৰ্ণনা, কৃষ্ণৰ লীলা প্ৰৰ্দশন কৰা হয় । মৰিগাঁৱৰ বৰঙাবাৰীত যি ৰাস আয়োজন কৰা হ’ল বা ৰাসৰ নামত যি অশ্লীল নৃত্য প্ৰদৰ্শন কৰা হ’ল সেয়া পৰম্পৰা ৰক্ষাৰ নামত ভণ্ডামি আৰু এইয়া গৰিহণাৰ যোগ্য ৷ তেওঁলোকৰ মতে এয়া সংস্কৃতি ৰক্ষাৰ নামত অপ-সংস্কৃতিৰ বেহা । ৰাসক এনেদৰে বিকৃত ৰূপত উপস্থাপন কৰাসকলক অতি সোনকালে অসমৰ ৰাইজৰ ওচৰত ক্ষমা খোজাৰ দাবী জনালে মাজুলীৰ সত্ৰাধিকাৰে ৷ তেওঁলোকে লগতে আহি থকা দিনত এনেকুৱা বহুৱালি কৰিলে চৰকাৰক উচিত পদক্ষেপ লোৱাৰ আহ্বান জনায় ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.