নিৰ্বাচনী অধিসূচনা জাৰি : বেনাৰ আৰু পোষ্টাৰ আঁতৰোৱাত ব্যস্ত প্ৰশাসন - Assam Legislative Assembly

🎬 Watch Now: Feature Video

thumbnail

By

Published : Feb 27, 2021, 8:47 PM IST

শুকুৰবাৰে বিয়লি নিৰ্বাচনী আয়োগে ঘোষণা কৰে অসম বিধানসভাৰ নিৰ্বাচনৰ দিন ৷ নিৰ্বাচনৰ দিন ঘোষণাৰ লগে লগে ৰাজ্যজুৰি বলৱৎ হৈছে নিৰ্বাচনী অধিসূচনা ৷ ইয়াৰ লগে লগে বৃদ্ধি পাইছে জিলা প্ৰশাসন তৎপৰতা ৷ ৰাজনৈতিক দল আৰু বিভিন্ন চৰকাৰী আঁচনিৰ বেনাৰ আৰু পোষ্টাৰসমূহ আঁতৰোৱাত ব্যস্ত হৈ পৰিছে প্ৰশাসন ৷ উল্লেখ্য যে, ২৭ মাৰ্চৰ পৰা তিনিটা পৰ্যায়ত অনুষ্ঠিত হ’ব অসম বিধানসভা নিৰ্বাচন । প্ৰথম পৰ্যায়ত ২৭ মাৰ্চত ৰাজ্যৰ ৪৭ টা সমষ্টিত অনুষ্ঠিত হ’ব নিৰ্বাচন ৷ একেদৰে ১ এপ্ৰিলত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ’ব ৩৯ টা সমষ্টিত ৷ আৰু তৃতীয় পৰ্যায়ত ৬ এপ্ৰিলত ৪০ টা সমষ্টিত অনুষ্ঠিত হ’ব নিৰ্বাচন ৷ আনহাতে, 2 মে’ত ভোট গণনা অনুষ্ঠিত হোৱাৰ লগতে ঘোষণা হ’ব নিৰ্বাচনৰ ফলাফল ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.