ৰাজ্যত সুখ শান্তি কামনাৰে সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জনালে বিধায়ক প্ৰশান্ত ফুকনে - New year resolution
🎬 Watch Now: Feature Video
ৰাজ্যবাসীলৈ ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনাই অসমক ভাৰতবৰ্ষৰ ভিতৰত শক্তিশালী ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰাৰ পণ ল'লে ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনে (New year resolution of Prasanta Phukan) । বিধায়কগৰাকীয়ে লগতে কয় যে, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পৰিকল্পনাক সহযোগিতা কৰি ভাৰতবৰ্ষৰ ভিতৰত পাঁচখন শক্তিশালী ৰাজ্যৰ ভিতৰত অসমক প্ৰতিষ্ঠা কৰিবলৈ কাম কৰিব । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পৰা ৰাজনৈতিকভাৱে কাম কৰিবলৈ অনুপ্ৰেৰণা লাভ কৰা বুলিও কয় বিধায়ক ফুকনে ।