নিজৰ ঘৰৰ দৰে কাৰ্যালয়ত কাম কৰিব লাগিব চৰকাৰী কৰ্মচাৰীয়ে : পীযুষ হাজৰিকা - গৰাখহনীয়া ৰোধ

🎬 Watch Now: Feature Video

thumbnail

By

Published : May 31, 2021, 1:47 PM IST

দায়িত্বভাৰ লোৱাৰ পিছত দেওবাৰে নিশা তেজপুৰত চৰকাৰী কৰ্মচাৰী সকলক এক প্ৰকাৰ সকিয়নী দিলে শোণিতপুৰ জিলাৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকাই ৷ শোণিতপুৰৰ আটাইকেইজন বিধায়কৰ উপস্থিতিত বিভিন্ন চৰকাৰী বিভাগৰ বিষয়া সকলৰ সৈতে আলোচনাত মিলিত হয় মন্ত্ৰী পীযুষ হাজৰিকা ৷ চৰকাৰী চাকৰিয়াল সকলে কামত এতিয়াৰ পৰা ফাঁকি দিব নোৱাৰিব ৷ পুৱা ৯:৩০ বজাৰ পৰা ৫ বজালৈ কাৰ্যালয়ত কোনোমতে থাকি দায়িত্ব সামৰিলে নহ’ব ৷ সকলো কৰ্মচাৰীয়ে নিজৰ ঘৰখনৰ দায়িত্বৰ দৰে কাৰ্যালয়ত কাম কৰিব লাগিব বুলি মন্তব্য প্ৰকাশ কৰে মন্ত্ৰী পীযুষ হাজৰিকাই ৷ আনহাতে, ক’ভিডত আক্ৰান্ত হৈ হোম আইচ'লেচনত থকা লোকসকলক কিদৰে চৰকাৰে সাহায্য প্ৰদান কৰিব আৰু যি সমূহ দৰিদ্ৰ পৰিয়ালে এতিয়াও চৰকাৰী সাহায্যৰ চাউল লাভ কৰা নাই সেয়াও অতি সোনকালে বিতৰণ কৰা হ’ব বুলি সংবাদমাধ্যমৰ আগত মত প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে ৷ আনকি বান আৰু গৰাখহনীয়া ৰোধৰ বাবেও যৎপৰোনাস্তি চেষ্টা চলোৱাৰ কথা সদৰি কৰে মন্ত্ৰী পীযুষ হাজৰিকাই ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.