বৰভাগত নিখোজ এজন: নদীত জাঁপ দিয়াৰ সন্দেহ ৰাইজৰ - এছডিআৰএফৰ অভিযান
🎬 Watch Now: Feature Video
নলবাৰী জিলাৰ পশ্চিম কমাৰকুছি গাঁৱৰ ৰমেন কাকতি (৫০) নামৰ এজন ব্যক্তি নিৰুদ্দেশ হৈ থকা ঘটনাই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে । চুইছাইড নোটত নিজৰ বেমাৰৰ কথা উল্লেখ কৰি পৰিয়ালৰ হোৱাটচএপ গ্ৰুপত প্ৰেৰণ কৰি তেওঁৰ মৃত্যুত কোনো দায়ী নহয় বুলি ঘৰৰ পৰা নিখোজ হৈছিল অবিবাহিত ব্যক্তিজন । দেওবাৰে পুৱাৰ ভাগত লোকজনৰ ঘৰৰ কাষতে কেইমিটাৰমান দূৰৈত বৈ যোৱা পাগলদিয়া নদীৰ পাৰত স্থানীয় একাংশ লোকে উদ্ধাৰ কৰিছিল তেওঁৰ এযোৰ কাপোৰ । যাৰ পাচতে স্থানীয় ৰাইজে আত্মহত্য়াৰ টোকা লিখি নদীত জাঁপ দিয়াৰ সন্দেহ প্ৰকাশ কৰিছে । আৰক্ষীয়ে ইতিমধ্যে পাগলাদিয়া নদীৰ উক্ত স্থানত উপস্থিত হৈ এছডিআৰএফৰ সহযোগত নদীত অভিযান অব্যাহত ৰাখিছে যদিও বাতৰি লিখা সময়লৈকে লোকজনৰ কোনো শুংসূত্ৰ লাভ কৰা নাই ।