অসাৰ হ'ল মুখ্যমন্ত্ৰীৰ ঘোষণা:অফলামুখ ঘাটত নচলিল জাহাজ
🎬 Watch Now: Feature Video
যোৱা বুধবাৰে সংঘটিত হোৱা ভয়ংকৰ ফেৰী দুৰ্ঘটনাৰ (Majuli Ferry accident) পাছতে বৃহস্পতিবাৰে সেই স্থানত উপস্থিত হৈছিল অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma) । মাজুলীবাসীৰ অসুবিধাৰ বুজ লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে মাজুলী আৰু যোৰহাটৰ মাজত অতি শীঘ্ৰে জাহাজৰ চলাচল হ'ব বুলি ঘোষণা কৰিছিল । কিন্তু মুখ্যমন্ত্ৰীৰ ঘোষণাৰ তিনি দিনৰ পাছতো শনিবাৰে ১১ বজা পৰ্যন্ত অফলামুখ পাৰঘাটত নচলিল এখনো জাহাজ । অফলামুখ ঘাটত ৰ'পেক্স (Ro-pax) জাহাজ চলিব বুলি পুৱাৰ পৰাই ঘাটত যাত্ৰীয়ে ভিৰ কৰে । কিন্তু জাহাজ নচলাত নিৰাশ হয় যাত্ৰীসকল ।