গীত পৰিৱেশনৰ সময়তে মঞ্চৰ পৰা পৰিল দেৱজিৎ সাহা
🎬 Watch Now: Feature Video
মাজুলীৰ জেংৰাইমুখত দেৱজিৎ সাহাৰ সংগীতানুষ্ঠান চলি থকাৰ মাজতে অঘটন । দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা 'সহোদৰ, ২০২০-২০২১'ৰ সামৰণি অনুষ্ঠানত গীত পৰিৱেশন কৰি থকাৰ সময়তে মঞ্চৰ পৰা নামিবলৈ লওতেই হঠাৎ উজুটি খাই তলত পৰি যায় কণ্ঠশিল্পীগৰাকী । দৰ্শকৰ মাজলৈ যাবলৈ মঞ্চৰ পৰা জপিওৱাৰ চেষ্টা কৰিছিল দেৱজিৎ সাহাই । সেই সময়তে এই অঘটন সংঘটিত হয় । অৱশ্যে কণ্ঠশিল্পীগৰাকীয়ে বেছি আঘাত পোৱা নাছিল বাবে সংগীতানুষ্ঠান অব্যাহত থাকে । জনপ্ৰিয় গীত পৰিৱেশন কৰি দৰ্শকক আপ্লুত কৰে কণ্ঠশিল্পীগৰাকীয়ে ।