লামডিং বনাঞ্চলত গ্ৰেপ্তাৰ হোৱা ভূ মাফিয়াৰ সংখ্যা 5টালৈ বৃদ্ধি
🎬 Watch Now: Feature Video
হোজাই জিলাৰ লামডিং বনাঞ্চলত গ্ৰেপ্তাৰ হোৱা ভূ-মাফিয়াৰ সংখ্যা পাঁচজনলৈ বৃদ্ধি । 16 নৱেম্বৰত হোজাই আৰক্ষীয়ে লামডিং বনাঞ্চলৰ পৰা নজৰুল ইছলাম আৰু আনোৱাৰ হুছেইন নামৰ দুটা ভূ-মাফিয়াক গ্ৰেপ্তাৰ কৰিছিল ৷ আৰক্ষীয়ে ইয়াৰ তদন্ত অব্যাহত ৰাখি নজৰুল লগত আৰু কেইবাটাও ভূ-মাফিয়া জড়িত থকাৰ সম্ভেদ পাইছিল ৷ ইয়াৰ পাছত বুধবাৰে নিশা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল আফজল হুচেইন, আবুল হুচেইন নামৰ আন দুটা ভূ-মাফিয়াক ৷ আনহাতে বৃহস্পতিবাৰে আৰক্ষীয়ে আফাচ উদ্দীন নামৰ আন এটা ভূ-মাফিয়াক আটক কৰে । বৃহস্পতিবাৰে হোজাই আৰক্ষীয়ে তিনিওকে শংকৰদেৱ নগৰ প্ৰথম শ্ৰেণীৰ ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰে ৷ আৰক্ষীয়ে তিনিওকে দহদিনৰ জিম্মাত বিচাৰি আবেদন কৰে যদিও আদালতে দুদিনৰ বাবেহে আৰক্ষীৰ জিম্মাত দিয়ে অভিযুক্তকেইজনক ।